মাজুলী জিলাত পেলো নিৰ্মূল কৰণ দিৱসৰ শুভাৰম্ভণি
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ৩০ আগষ্টত সমগ্ৰ ৰাজ্যৰ লগতে মাজুলী জিলাতো পেলু নিৰ্মূল কৰণ দিৱসৰ শুভাৰম্ভণি কৰা হয়। মাজুলীৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা পেলু নিৰ্মূল কৰণ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে জিলা স্বাস্থ্য বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ নৰেনজ্যোতি গগৈয়ে। ৰাষ্ট্ৰীয় পেলু নিৰ্মূল কৰণ দিৱসৰ মুখ্য উদেশ্য হ’ল ১-১৯ বছৰ বয়সৰ সকলো চৰকাৰী বিদ্যালয় , বিদ্যালয়ৰ পৰা বাদ পৰা শিশুৰ আৰু অংগনাবাদী কেন্দ্ৰত থকা শিশুক পেলু মুক্ত কৰা। জিলাখনৰ সমুহ ১-১৯ বছৰ বয়সৰ শিশুক পেলু মুক্ত কৰাৰ উদেশ্যৰে ৬ ছেপ্টেম্বৰৰ ভিতৰত বিদ্যালয়লৈ যোৱা আৰু নোযোৱা ছাত্ৰ – ছাত্ৰীক এলবেণ্ডাজল টেবলেট খুওৱা হ’ব। বিদ্যালয়লৈ নোযোৱা বা বিদ্যালয়ৰ পৰা বাদ পৰা শিশুকো স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আশা কৰ্মী সকলে ঘৰে ঘৰে গৈ তেওঁলোকক এই দৰৱ খুওৱা। এই অভিযানৰ দ্বাৰা পেলু নিৰ্মূল কৰণৰ বাবে ল’ব লগীয়া সাৱধানতা সমূহ হ’ল যেনে : শৌচাগাৰ ব্যৱহাৰ কৰা , হাত ধুই খাদ্য গ্ৰহণ কৰা , খালী ভৰিৰে খোজ নকঢ়া , নখ চুটিকৈ কাটি ৰখা , বিশুদ্ধ পানীৰ ব্যৱহাৰ কৰা আদি বিষয়ৰ সম্পৰ্কত গুৰুত্ব ও সজাগতা প্ৰদান কৰা । আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা এই উন্মোচনী অনুষ্ঠানটিত পেলু কি, কেনেকৈ হয় আৰু ইয়াৰ বাবে ল’বলগীয়া সাৱধানতা আদিৰ সম্পৰ্কত ডাঃ নৰেনজ্যোতি গগৈ, ডাঃ দিগন্ত দত্তই সহজ ভাষাত ছাত্ৰ – ছাত্ৰী সকলক বুজাই কয়।

ইয়াৰ পিছতেই ছাত্ৰ – ছাত্ৰী সকলৰ মাজত পেলু নিৰ্মূল কৰণৰ টেবলেট এলবেন্দাজল বিতৰণ কৰা হয়। লগতে অনুষ্ঠানটিৰ সফলতাৰ মান পৰীক্ষণৰ বাবে ছাত্ৰ – ছাত্ৰীৰ মাজত ‘প্ৰত্যুত্তৰ ও প্ৰশ্নোত্তৰ পত্ৰ ‘ বিতৰণ কৰা হয়। এই অনুষ্ঠানটিত ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ নৰেনজ্যোতি গগৈ, ডাঃ দিগন্ত দত্ত, প্ৰধান শিক্ষক প্ৰশান্ত দোলাকাষৰীয়া , ডিপিএম, ডিএমই , ডিচিএম, এপিদেমিঅ’লজিষ্ট , এএনএম, আশা ছুপাৰভাইজাৰ আৰু আশাৰ লগতে ছাত্ৰ – ছাত্ৰী সকল উপস্থিত থাকে। ৰাষ্ট্ৰীয় পেলু নিৰ্মূল কৰণৰ এই কাৰ্যসূচীৰ সফল ৰূপায়ণৰ সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে জিলা স্বাস্থ্য বিভাগে।