মাজুলী গায়ন গাঁৱৰ সমাজকৰ্মী দিনাৰাম কলিতাৰ মৃত্যু
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি মাজুলীৰ গায়ন গাঁৱৰ সমাজ কৰ্মী দিনাৰাম কলিতাৰ আজি পুৱা ৬-২০ বজাত ৮২ বছৰ বয়সত মৃত্যু হয়। পঢ়াশালীৰ শিক্ষা নাছিল যদিও তেখেত আছিল এজন শাস্ত্ৰজ্ঞ ব্যক্তি। গাঁওখনৰ মূল পাঠেকীৰ উপৰিও জীৱনত বহু নাটকত বীৰৰ চৰিত্ৰত অভিনয় কৰি হাজাৰ হাজাৰ দৰ্শকৰ মনত সাঁচ বহুৱাৱলৈ সক্ষম হৈছিল। ক্ষুদ্ৰ শিল্প বিশেষকৈ বাঁহৰ কামত পাৰ্গত কাৰণে অঞ্চলটোত তেখেত চোকা নামেৰে পৰিচিত আছিল। তেখেতৰ মৃত্যুত গায়ন গাঁও সমাজ কল্যান যুৱ সংঘ, নৱজ্যোতি কৃষ্টি সংঘ, শংকৰজ্যোতি ক্লাৱ, গাঁও খনৰ দুটা নামঘৰৰ বৈষ্ণৱ সকলৰ লগতে বহুজনে শোক প্ৰকাশ কৰে । মৃত্যুৰ সময়ত তেখেতে সহধৰ্মীনিৰ লগতে দুজন পুত্ৰ , তিনি গৰাকী বিবাহিত কন্যা, জোঁৱাই আৰু নাতি-নাতিনী সকলক এৰি থৈ যায়।