মাজুলী খন ভাল লাগে মোৰ- ধ্ৰুৱজ্যোতি নাথ

Pc culture trip

মাজুলী খন ভাল লাগে মোৰ..

কাৰণ তাতেই শংকৰ মাধৱৰ মিলন কাহিনী..
আজি শংকৰ মাধৱ নাই..
তথাপিও আছে আউনীআটী সত্ৰৰ..
পালে পালে গোৱা পালনামৰ এক সুকীয়া.. মাদকতা।
মাজুলী খন ভাল লাগে মোৰ
গাঁৱে গাঁৱে পজা ঘৰ
পথাৰৰ নৰা আৰু বাৰীৰ বাঁহেৰে সজা
তাতে লুকাই থাকে এখনী প্ৰেমৰ পৃথিৱী।
মাজুলী খন ভাল লাগে মোৰ
কাৰণ নদীৰ কাষতে সৃষ্টি
একো একোটা ৰোমান্তিক কবিতাৰ।
একেই আছে নিমতী ঘাটেদি
মাজুলীলৈ যোৱা মাদ্ৰাজ
আজিও ৰিঙিয়াই মাতে
চামগুৰিৰ মুখা বোৰে।
আজিও একে আছে আলি আই লৃগাংত
অইনিতমৰ সুৰত মিছিং ডেকা গাভৰুৰ
কঁকাল ভঙা নাচ।
সময় বোৰ সলনি হ’লেও
একে আছে সত্ৰত চাৰি প্ৰসংগ কৰি
ভক্তি ভাৱে সেৱা কৰাৰ পৰম্পৰা।
একে আছে ৰাসৰ পুৰ্ণিমা ৰাতি
যি কোনো কোনৰ পৰা ভাঁহি অহা
নিষ্ঠুৰ কংসৰ হাঁহি
আজিও কোনোৱা গাভৰুৱে
দৈৱকীৰ ভাওত
হিয়া ঢাকুৱাই কান্দে।
একে আছে ৰাজনৈতিক নেতাই দিয়া পলোভন।
একেই আছে নিৰ্বাচনৰ আগত
মন্ত্ৰী,M.A.L কৰা আধাৰশিলা।

আজিও উন্নত চিকিৎসাৰ অভাৱত
ক’ত সন্তান পিতৃ হাৰা
ক’ত সন্তান মাতৃ হাৰা হয়।
আজিও ক’ত পিতৃ মাতৃৰ বুকু সুদা হয়।
নকবা নকবা নাওঁ দুৰ্ঘটনাৰ কথা।
দলং খন হ’ব হ’ব বুলি নোহোৱাই হ’ল।
তথাপি মাজুলী খন ভাল লাগে মোৰ।
ক’বই তো লাগিব জেংৰাই গাখীৰ
ভকত চাপৰিৰ গুৰৰ কথা।
জেংৰাইটে তো আছিল 1963চনত
অজিৎ বৰুৱাৰ এটি কবিতা।
কিমান আবেগ থাকিলে
লিখিব পাৰে এনে কবিতা।
মাজুলী খন ভাল লাগে মোৰ
তাৰ মৰমীয়াল মানুহ বোৰৰ
এশাৰী মাতৰ বাবেই।
আকৌ নকবা নকবা
জনজাতি মানুহ বোৰৰ মৰমৰ কথা
তই নে তুমি, তুমি নে তই,
কিমান আপোন হ’লে তই
কিমান আবেগ হ’লে তুমি
তাকো নিধাৰন কৰিব নোৱাৰি।
মাজুলী খন ভাল লাগে মোৰ
কাৰণ তুমিয়েই কৈছিলা
বিদেশলৈ নাজাও দিয়া
ইয়াতে আছে মন যুৰাব পৰা
ডেকা চাংৰ মোহনীয়তা
তুমিয়েটো কৈছিলা পাহাৰলৈ নাযাওঁ দিয়া
বনভোজ খাবলৈ ইয়াতে আছে নদীৰ গড়া।
মাজুলী খন ভাল লাগে মোৰ
আকৌ চাম চাম লাগে
মাঘত ভাওনা সমাৰোহ
গাঁৱে গাঁৱে ভাওনা এখন চিনাকি ছবি
আজিও ৰিঙিয়াই মাতে নদীৰ পাৰৰ কঁহুৱা বোৰে।
আহা আহা মাজুলীলৈ আহা বুলি।
সেয়ে অফলা ঘাটে হৈ
দক্ষিণ পাতেৰে আহিবা মাজুলীলৈ
বাট চাম তোমলৈ তুনি নৈয়ে গৈ
আপুং পিয়াৰ সময়ত
প্ৰতিটো সন্ধিয়া মনত পেলাম তোমালৈ
মাজুলী খন ভাল লাগে মোৰ।।

ধ্ৰুৱজ্যোতি নাথ
অসমীয়া বিভাগ, কেন্দ্ৰীয় মহাবিদ্যালয়
কেন্দুগুৰি যোৰহাট।