মাজুলীৰ সত্ৰৰ লগতে গাঁৱৰ নামঘৰ সমূহত উলহ-মালহেৰে অনুষ্ঠিত হয় নন্দোৎসৱ

মাজুলীৰ সত্ৰৰ লগতে গাঁৱৰ নামঘৰ সমূহত উলহ-মালহেৰে অনুষ্ঠিত হয় নন্দোৎসৱ
বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- পবিত্ৰ ভাদ মাহৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে কালিৰে পৰা কৃষ্ণ বন্দনাত মুখৰিত হৈ আছে সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী ৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিচদিনাৰ পৰাই সত্ৰৰ লগতে গাঁৱৰ নামঘৰ সমূহত অনুষ্ঠিত হয় নন্দোৎসৱ বা পাচতি উৎসৱ ৷ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত এই উৎসৱ মাজুলীৰ কেইবাখনো সত্ৰৰ লগতে গাওঁ সমূহত দিনজোৰাকৈ অনুষ্ঠিত হয় ৷ এই উৎসৱ কিছু গাঁৱত পাঁচ দিনতো অনুষ্ঠিত হয় ৷ এই উৎসৱৰ বাবে আইসকলে এমাহৰ আগৰ পৰাই নামৰ অনুশীলন আৰম্ভ কৰাৰ লগতে কুমাৰী ছোৱালীৰ দধি মঠনৰ লগতে নামৰ অনুশীলনো আৰম্ভ হয় ৷ মহিলা কেন্দ্ৰীক উৎসৱ হ’লেও নন্দোৎসৱত মোহিনী পুতনা, চক্ৰৱাৎ আদিৰ ভাও পুৰুষৰ দ্বাৰা ৰূপায়ণ হয় ৷ প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰত আজি মহিলাকেন্দ্ৰীক পাচতি উৎসৱ সত্ৰৰ মহিলা সমাজৰ উদ্যোগত আৰম্ভ হয় ৷ সত্ৰৰ পুৱা নিত্য-নৈমিতিক নাম প্ৰসংগৰ পিচত দিনৰ এক বজাৰ পৰা আইসকলে জন্মাষ্টমীৰ নাম আৰম্ভ কৰে ৷ এই নামত ওচৰ-চুবুৰীয়া কেইবাখনো গাঁৱৰ মহিলাই অংশগ্ৰহণ কৰে ৷ কুমাৰী ছোৱালীৰ দধি মঠন, আইতীৰ নামৰ তালেতালে কংসৰ অনুচৰ মোহিনী পুতনাই গকুলৰ নন্দ-যশোদাৰ গৃহলৈ যোৱাৰ পথৰ সন্ধান কৰি আইসকলক শুধি, কঁপালত তিলক পিন্ধাই নামঘৰত প্ৰৱেশ কৰা, চক্ৰৱাত পুতনাই শিশু কৃষ্ণক নিধন কৰিবলৈ প্ৰৱেশ কৰি শিশু কৃষ্ণক অন্বেষণ, কৃষ্ণক কোলাত লৈ ধুলি উৰুৱাই কৰা অট্ৰহাস্য কৰা, শিশু কৃষ্ণৰ ঐশ্বৰিক শক্তিত অসুৰ নিধন হোৱাৰ পিচতে যশোদা, ৰোহিনীৰ ভাও লোৱা কুমাৰী ছোৱালীৰ দধি মঠন কৰা দৃশ্যই সকলোকে আপ্লুত কৰে ৷ বিয়লি আৰ্শীবাদ প্ৰদান, মাহ-প্ৰসাদ, মিঠৈ বিতৰণেৰে দিনজোৰা নন্দোৎসৱৰ সামৰণি পৰে ৷ মহিলা কেন্দ্ৰীক অনুষ্ঠানত সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামী, বৰপূজাৰী, বৰনামলগোৱাৰ লগতে ওচৰৰ ম’হকিনা, আদৰ্শ বৰবাৰী, গোবিনপুৰকে ধৰি কেইবাখনো গাঁৱৰ মহিলাই অংশগ্ৰহণ কৰাৰ লগতে নিমন্ত্ৰণিত জেষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ সমান্তৰালভাৱে গড়মূৰ সৰু সত্ৰ, খোনাচুক,  কেৰেলাগাওঁকে ধৰি মাজুলীৰ প্ৰায়বোৰ গাঁৱৰ নামঘৰত এই উৎসৱ উদ্‌যাপিত হয় ৷ সংস্কৃতিবান কমলপুৰ গাঁৱৰ নামঘৰত আজি জন্মাষ্টমীৰ নাম মহিলা সকলে উলহমালহেৰে পৰিবেশন কৰে ৷ গোপালপুৰ গাঁৱত কাইলৈ জন্মাষ্টমীৰ নামৰ লগতে শিশুসকলে ৰাতিলৈ ‘ৰাম-কৃষ্ণৰ মথুৰা গমন, কংস বধ’ ভাওনা প্ৰদৰ্শন হ’ব ৷ বছৰ বছৰ ধৰি পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ সত্ৰানুষ্ঠানৰ লগতে গাঁৱৰ নামঘৰত বাৎসৰিক এই উৎসৱ আড়ম্বৰতাৰে উদ্‌যাপিত হয় ৷