মাজুলীৰ শ্ৰীলোহিত উচ্চ মাধ্যমিক বিদ্যালয়ত বিহু আদৰণি

মাজুলীৰ শ্ৰীলোহিত উচ্চ মাধ্যমিক বিদ্যালয়ত বিহু আদৰণি

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত নামনি মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীলোহিত উচ্চ মাধ্যমিক বিদ্যালয়ত ৰঙালী বিহু আদৰণী জনোৱা হয়। এই উপলক্ষে আজি বিদ্যালয়খনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে। বিদ্যালয়খনৰ বাকৰিত পুৱা ন’ বজাত শ শ ছাত্ৰ-ছাত্ৰীয়ে জাতীয় সাজ-পোছাক পৰিধান কৰি প্ৰথম বিহু আদৰণী কৰে।

তাৰপিছত বিদ্যালয়ৰ প্ৰাংগনত “বিহুৱান” উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দ্ৰ বৰাই। তাৰপিছত ব’হাগী আদৰণী উপলক্ষে প্ৰথমে সকলো ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীয়ে হুঁচৰি পৰিৱেশন কৰে। তাৰপিছত বিদ্যালয়ৰ প্ৰাংগনত সকলোৱে বিহু নাচ, বিহু নাম পৰিৱেশন কৰে । দীৰ্ঘ সময় ধৰি বিদ্যালয়খনত সকলোয়ে বিহু পৰিৱেশন কৰে ।

বিদ্যালয়খনৰ মিচিং ছাত্ৰ ছাত্ৰীসকলেও মিচিং বিহু প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। উক্ত, বিহু আদৰণী অনুষ্ঠানত বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে পীতাম্বৰ দেৱ গোস্বামী মহাবিদ্যালয়ৰ প্ৰৱক্তা যদু কলিতাই অংশগ্ৰহণ কৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে বিদ্যালয়ৰ শিক্ষক উৎপল হাজৰিকাই।