মাজুলীৰ শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

মাজুলীৰ শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি মাজুলী জিলাৰ পতিয়াস্থিত শ্রীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্র ছাত্রীসকলৰ দ্বাৰা বিজ্ঞানৰ প্রকল্প, পৰীক্ষা আৰু আৰ্হি প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উদ্দেশ্যে বিজ্ঞান প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে লেখক তথা পৰিৱেশ কৰ্মী কুশদীপ হাটীমতাই। উদ্বোধনী ভাষণত উদ্বোধক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানমনস্ক হ’বলৈ আহ্বান জনোৱাৰ লগতে বিজ্ঞানেই সত্য, আৰু শুদ্ধ বুলি অভিহিত কৰে। ইয়াৰ পিছত ছাত্র -ছাত্রীসকলৰ  লগত  উদ্বোধক আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ শইকীয়াই  মত বিনিময় কৰি  ছাত্র-ছাত্রীসকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হবলৈ আহবান জনায়। উল্লেখযোগ্য যে খুব কম দিনৰ ভিতৰতে অনুষ্ঠিত কৰা এই কাৰ্যসূচীত ছাত্ৰ- ছাত্রীসকলৰ প্ৰদৰ্শন দেখি সকলো আপ্লুত হয়। আজিৰ এই কাৰ্যসূচীত ছাত্র-ছাত্রীসকলক বিশেষ ভাবে তত্বাৱধান কৰে বিদ্যালয়ৰ বিজ্ঞান শিক্ষক প্ৰশান্ত শইকীয়া, দুলাল দাস আৰু সহকাৰী শিক্ষক বংশী ফুকন আৰু জাহ্নৱী মিশ্ৰ‌ই। কাৰ্যসূচীত বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্র ছাত্রীয়ে পূৰ্ণ সহযোগিতা আগবঢ়ায়।