মাজুলীৰ শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ বিনামূলীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ সামৰণি ;
বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন ; গুৰু সেৱা’ৰে সামৰণি
বিকাশ শইকীয়া,মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা- “সাংস্কৃতিক ক্ষেত্ৰ – মাজুলী”ৰ উদ্যোগত আৰু কেৰেলাগাঁৱৰ শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ সৌজন্যত দহ দিনীয়া বিনামূলীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাৰ আনুষ্ঠানিকভাৱে সামৰণি পৰে। এই উপলক্ষে আজি কেৰেলা গাঁৱৰ শংকৰজ্যোতি হাইস্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ আঁত ধৰে শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ দেবেন চন্দ্ৰ ভূঞাই। পীতাম্বৰ দেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা ভবেন চন্দ্ৰ কাকতিয়ে বন্তি প্ৰজ্বলন কৰি সামৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰে। কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে পৰিৱেশন কৰা সমবেত বৰগীতেৰে আনুষ্ঠানিক কাৰ্যসূচী আৰম্ভ কৰা হয়।
সমাজকৰ্মী তথা মাজুলী কৃষি অভিযান্ত্ৰিক বিভাগৰ কৰ্মচাৰী বীৰেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কৰ্মশালাৰ বৰগীত প্ৰশিক্ষক যদুমণি ভূঞা, সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষক পম্পী দত্ত, চিত্ৰকলাৰ প্ৰশিক্ষক পংকজ দত্ত আৰু তপন জ্যোতি বৰা, খোলৰ প্ৰশিক্ষক কৌস্তৱ কৌশিক বৰঠাকুৰ আৰু মনোজ কাকতিক শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ দেবেন চন্দ্ৰ ভূঞাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে স্থানীয় অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সুৰেন কাকতি, দ্বীপ ভূঞা, প্ৰবীণ ভূঞা, খাৰজানপাৰ জনজাতি হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক ৰাজীৱ দত্ত ভূঞা, গড়মূৰ পীতাম্বৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰমোদ গোস্বামী, পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চৰ সঞ্চালক যতীন্দ্ৰ নাথ মূদৈ, শংকৰজ্যোতি হাইস্কুলৰ শিক্ষক যাদৱ বৰা, আউনীআটী বিষ্ণুদেৱ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক গণেশ বৰা, কৰ্মশালা আয়োজক সমিতিৰ চিত্ৰৰঞ্জন হাজৰিকা, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী দুৰ্গেশ্বৰ দত্ত, বাবুল বিশ্বাস আদিয়ে অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে।
কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে সমূহীয়া সত্ৰীয়া চালি নৃত্য- গীতাভিনয়, সমূহীয়া বৰগীত, সমূহীয়া খোল বাদন, দশৱতাৰ নৃত্য , মাটি আখৰা প্ৰদৰ্শন কৰি সকলোকে সন্মোহিত কৰে। অতি দক্ষতাৰে শিশু শিল্পীসকলে উক্ত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। সামৰণী অনুষ্ঠানত শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ গৌৰৱ সন্দৰ্ভত ভাষন প্ৰদান কৰে যাদৱ বৰাই।
অনুষ্ঠানত শলাগ জ্ঞাপন কৰে চিত্ৰৰঞ্জন হাজৰিকাই। এই সামৰণী অনুষ্ঠানৰ শেষত সমল ব্যক্তিসকল তথা কৰ্মশালাৰ প্ৰশিক্ষক সকলক “গুৰুসেৱা আৰু বিদায়ে”ৰে কৰ্মশালা সামৰণী হয় বুলি অধ্যক্ষ দেবেন চন্দ্ৰ ভূঞাই ঘোষণা কৰে।