মাজুলীৰ শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ত গ্ৰীষ্মকালীন বিনামূলীয়া সাংস্কৃতিক কৰ্মশালাৰ আৰম্ভ

মাজুলীৰ শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ত গ্ৰীষ্মকালীন বিনামূলীয়া সাংস্কৃতিক কৰ্মশালাৰ আৰম্ভ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  সাংস্কৃতিক ক্ষেত্ৰ-মাজুলীৰ উদ্যোগত আৰু শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ সহযোগত আজিৰ পৰা বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ হৈছে। মাজুলীৰ কেৰেলা গাঁও শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ত আজি পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা উক্ত বিনামূলীয়া গ্ৰীষ্মকালীন সাংস্কৃতিক কৰ্মশালাত বন্তি প্ৰজ্বলন কৰে বীৰেন শৰ্মাই। যুৱ সাংস্কৃতিক কৰ্মী ৰনজিত হাজৰিকাই আঁত ধৰা উক্ত, সাংস্কৃতিক কৰ্মশালাখন সুকন্ঠী গায়িকা ৰিম্পী বৰাৰ কন্ঠৰ বৰগীতৰে শুভাৰম্ভ কৰা হয়। সাংস্কৃতিক কৰ্মশালাখন উদ্বোধন কৰে পীতাম্বৰ দেৱগোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা, সমাজকৰ্মী ভবেন কাকতিয়ে ।  কৰ্মশালাত ” নৱ প্ৰজন্মৰ মাজত সাংস্কৃতিক প্ৰসাৰৰ প্ৰয়োজন” সন্দৰ্ভত পুংখানুপুংখকৈ নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰে শ্ৰীলোহিত উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক সূৰ্য কমানে। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী ভূপেন দত্ত, খাৰজানপাৰ জনজাতি হাইস্কুলৰ সহকাৰী প্ৰধান শিক্ষক তথা মাজুলী জিলা ক্ৰীড়া সন্থাৰ সভাপতি ৰাজীৱ দত্ত ভূঞা, পুথিভঁৰাল বৰ্ণবাক আৰু আত্মবীক্ষণ মঞ্চৰ সঞ্চালক, কবি যতীন্দ্ৰ নাথ মুদৈ, শংকৰজ্যোতি হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী মিনু বৰা, সহকাৰী শিক্ষক দেৱজিৎ শৰ্মা, সমাজকৰ্মী দেৱব্ৰত দত্ত, পীতাম্বৰ দেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয় প্ৰৱক্তা যদু কলিতা, প্ৰমোদ গোস্বামী, প্ৰাঞ্জল হাজৰিকা,কৰ্মশালা তদাৰক সমিতিৰ হৈ চিত্ৰ ৰঞ্জন হাজৰিকাই আদিয়ে অংশগ্ৰহণ কৰি কৰ্মশালাখনৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।  উদ্বোধনী অনুষ্ঠানত শলাগ জ্ঞাপন কৰে শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ সাংস্কৃতিক উপদেষ্টা যাদৱ বৰাই। বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাত বৰগীত, চিত্ৰ কলা, খোল আৰু সত্ৰীয়া নৃত্য” ৰ প্ৰশিক্ষণ আজিৰ পৰা আৰম্ভ হৈছে। কৰ্মশালাখনি পৰিচালনা কৰে শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ দেবেন চন্দ্ৰ ভূঞাই। কৰ্মশালাত প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে  বৰগীতত শিল্পী যদুমণি ভূঞা, চিত্ৰ কলাত চিত্ৰ শিল্পী পংকজ দত্ত আৰু তপন জ্যোতি বৰা, খোল বাদ্যত – মনোজ কাকতি আৰু কৌস্তৱ কৌশিক বৰঠাকুৰ, সত্ৰীয়া নৃত্যত -শিল্পী পম্পী দত্তই প্ৰশিক্ষণ প্ৰদান কৰে। আজিৰ পৰা ৩০’ জুলাইলৈকে উক্ত বিনামূলীয়া সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হ’ব। কৰ্মশালাখনিত সকলোৰে সহযোগিতা শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ দেবেন চন্দ্ৰ ভূঞাই কামনা কৰিছে।