মাজুলীৰ লোহিত খাবলু গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে পল্লৱী ৰেগন নৰহৰ শপত গ্ৰহণ ; মথুৰা দলে উপ সভাপতি: লোহিত খাবলুত ব্যাপক উৎসাহৰে আদৰণি জনালে নতুন সভানেত্ৰীক
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাৰ নামনি মাজুলীৰ ২ নং লোহিত খাবলু গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী পল্লৱী ৰেগন নৰহক আজি নিৰ্বাচন কৰা হয়। আজি দুপৰীয়া মাজুলী আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত নৱ নিৰ্বাচিত সভানেত্ৰী হিচাপে পল্লৱী ৰেগন নৰহক মাজুলীৰ অতিৰিক্ত সহকাৰী আয়ুক্ত নেত্ৰকমল বৰা আৰু মাজুলী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অংকিতা পালে সভানেত্ৰীৰ পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়। সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত ২ নং লোহিত খাবলু গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত হোৱা দহজন ৱাৰ্ড সদস্যৰ মাজৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী পল্লৱী ৰেগন নৰহক সভানেত্ৰী হিচাপে মনোনীত কৰা হয়। আজি উক্ত শপত গ্ৰহণ অনুষ্ঠানত ২ নং লোহিত খাবলু গাঁও পঞ্চায়তৰ উপ সভাপতি হিচাপে লিগিৰামুখ চানং ৱাৰ্ডৰ ৱাৰ্ড সদস্য মথুৰা দলেক নিৰ্বাচিত কৰা হয়।
নৱ নিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী পল্লৱী ৰেগন নৰহে দীৰ্ঘ দিন ধৰি ভাৰতীয় জনতা পাৰ্টিৰ হৈ কাম কৰিছিল। সমগ্ৰ লোহিত খাবলুত ভাৰতীয় জনতা পাৰ্টিক গতিশীল আৰু শক্তিশালী কৰাত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। পল্লৱী ৰেগন নৰহে বিজেপি এছ টি মৰ্চাৰ সদস্যা হিচাপে দললৈ বহুতো বৰঙণি আগবঢ়াইছিল। মাজুলীৰ বিধায়ক ভুবন গামৰ বিধায়কৰ কাৰ্যকালৰ পৰাই পল্লৱী ৰেগন নৰহে সক্ৰিয়ভাৱে ৰাজনীতিত সেৱা আগবঢ়ায়। সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত ৪ নং ডাম্বুকিয়াল ৱাৰ্ডৰ পৰা বিপুল ভোটত জয়যুক্ত হোৱা পল্লৱী ৰেগন নৰহৰ প্ৰতি লোহিত খাবলু গাঁও পঞ্চায়তত নিৰ্বাচিত হোৱা আন ৯ জন সদস্যই সমৰ্থন আগবঢ়ায়।
সততে সমাজসেৱাৰ প্ৰতি আগ্ৰহী পল্লৱী ৰেগন নৰহে লোহিত খাবলু গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত মাজুলীৰ বিধায়ক ভুবন গামক সৌজন্যতামূলক সাক্ষাৎ কৰে। তাৰপিছত দলীয় নেতা কৰ্মীৰ লগত লোহিত খাবলু গাঁও পঞ্চায়তত প্ৰৱেশ কৰে। লোহিত খাবলু গাঁও পঞ্চায়তত প্ৰৱেশ কৰাৰ লগে লগেই নগৰ গাঁও, উজনি ডাম্বুকিয়াল , নামনি ডাম্বুকিয়াল আদিত অগনন ৰাইজে নৱ নিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী পল্লৱী ৰেগন নৰহক বিপুল আদৰণী জনায় আৰু নামনি ডাম্বুকিয়ালৰ ঘৰলৈ সমদল, শোভাযাত্ৰা কৰি আদৰি লৈ যায়। সভানেত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ ৰাইজৰ সেৱাত নিজকে উৎসৰ্গিত কৰিব বুলি উল্লেখ কৰে আৰু সমাজৰ শেষৰ জন ব্যক্তিলৈকে পঞ্চায়তীৰাজৰ জৰিয়তে উন্নয়ন আৰু বিকাশৰ ধাৰা বোৱাই নিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।