বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ নতুন চামগুৰি সত্ৰৰ মুখা শিল্পী খগেন গোস্বামীলৈ ২০২৫ বৰ্ষৰ লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্রাষ্ট ৰাজ্যিক কৃতজ্ঞতা বঁটা আগবঢ়াই লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্ৰাষ্টে। কামৰূপীয় ৰামায়ণৰ পৃষ্ঠপোষক বৰাহী ৰাজা শ্ৰীমহা মাণিক্য পূর্ণার্য্য শ্রদ্ধাঞ্জলিপীঠ, ৰাষ্ট্ৰীয় অযোধ্যানন্দন জন্মোৎসৱ ২০২৫ উপলক্ষে লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্ৰাষ্ট, গুৱাহাটীয়ে শ্রীমন্ত শংকৰদেৰ কলাক্ষেত্রত ৬ এপ্ৰিল দেওবাৰে অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাজুলীৰ নতুন চামগুৰি সত্ৰৰ বিশিষ্ট মুখা শিল্পী খগেন গোস্বামীলৈ মহাপুৰুষ গুৰুজনাৰ সৃষ্ট মুখাশিল্পৰ লগত জড়িত হৈ এই শিল্পক কর্মশালাৰ যোগেদি প্ৰচাৰ আৰু প্ৰসাৰ কৰোৱাত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰে। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্য কুমাৰ ভূঞাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। এই বঁটা লাভ কৰাত শিল্পী খগেন গোস্বামীক বিভিন্ন জনে শুভেচ্ছা জনাইছে।
মাজুলীৰ মুখা শিল্পী খগেন গোস্বামীলৈ ২০২৫ বৰ্ষৰ “লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্রাষ্ট ৰাজ্যিক কৃতজ্ঞতা বঁটা”

মাজুলীৰ মুখা শিল্পী খগেন গোস্বামীলৈ ২০২৫ বৰ্ষৰ “লুইত-জিষ্ট কমিউনিকেচন এডুকেচনেল ট্রাষ্ট ৰাজ্যিক কৃতজ্ঞতা বঁটা”