মাজুলীৰ ম’হকিনাত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন 

মাজুলীৰ ম’হকিনাত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন ; হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰা ম’হকিনাৰ মানস প্ৰতীমক উষ্ম সম্বৰ্ধনা ; শিক্ষা কোষৰ আৰ্থিক সাহায্য প্ৰদান
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ  ম’হকিনা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আৰু ম’হকিনা গাঁৱৰ বিদ্যাৰ্থী কল্যাণ ন্যাস ” শিক্ষা কোষ” ৰ’ সহযোগত আজি গাঁওখনত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়।  আজি দুপৰীয়া এক বজাৰ পৰা ম’হকিনা গাঁৱৰ নামঘৰত অনুষ্ঠিত হোৱা উক্ত অভিনন্দন অনুষ্ঠানত সভিপতিত্ব কৰে ম’হকিনা গাঁও উন্নয়ন সমিতিৰ সভাপতি নিৰন শইকীয়াই। গাঁও উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি লক্ষ্য গায়নে আঁত ধৰা উক্ত সম্বৰ্ধনা অনুষ্ঠান ম’হকিনা গাঁৱৰ ” ভাস্কৰ মইনা পাৰিজাত”ৰ মইনাসকলে পৰিৱেশন কৰা দিহানামৰে শুভাৰম্ভ কৰা হয়। ম’হকিনা গাঁৱৰ শিক্ষা কোষৰ সভাপতি অজিত গায়নে উদ্দেশ্য ব্যাখ্যা কৰা সম্বৰ্ধনা সভাখনি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিত শইকীয়াই সাৰগৰ্ভ বক্তৃতাৰে উদ্বোধন কৰে ।  সভাত ম’হকিনা গাঁৱৰ পৰা চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰা মানস প্ৰতিম শইকীয়াৰ লগতে আঠজন মেধাৱী ছাত্ৰ – ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা চাৰিজন মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত মেধাৱী ছাত্ৰ ছাত্ৰীসকলক ম’হকিনা গাঁৱৰ শিক্ষা কোষৰ তৰফৰ পৰা আৰ্থিক বৰঙণি প্ৰদান কৰা হয়। সভাত গাঁৱৰ জ্যেষ্ঠ নাগৰিক জগন্নাথ দুৱৰীয়াই কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক পৃথকে আৰ্থিক সাহায্য প্ৰদান কৰে। উল্লেখযোগ্য যে ম’হকিনা গাঁৱৰ শিক্ষা কোষে ১৯৯৫ চনৰ পৰাই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। এই সম্বৰ্ধনা অনুষ্ঠানতে ম’হকিনা গাঁৱৰ যুৱক সংঘৰ তৰফৰ পৰাও মানস প্ৰতিমৰ লগতে কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায়। সভাত মুখ্য অতিথি হিচাপে আইলেণ্ড একাডেমীৰ অধ্যক্ষ পূৰ্বজ্যোতি বৰাই তত্ত্বগধুৰ ভাষন প্ৰদান কৰে । বিশিষ্ট অতিথি হিচাপে মাজুলী পীতাম্বৰ দেৱগোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত সভাপণ্ডিত, আইলেণ্ড একাডেমীৰ অধ্যক্ষ পূৰ্বজ্যোতি বৰা, বিশিষ্ট সাংস্কৃতিক তথা সমাজকৰ্মী প্ৰভাত বৰা বুঢ়াভকত, শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিনু বৰা, কমলাবাৰী বিৱেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ হিতেশ দাস, মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞা, সীমান্ত বৰা আদিয়ে অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে। কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলে সভাত নিজৰ মতামত প্ৰকাশ কৰা এই সম্বৰ্ধনা অনুষ্ঠানত অৰ্পিতা শৰ্মাই সৃষ্টি শীল নৃত্য পৰিৱেশন কৰে । অনুষ্ঠানত সম্বৰ্ধিত মেধাৱী ছাত্ৰ ছাত্ৰীসকলে নিজৰ অনুভৱ প্ৰকাশ কৰে। লক্ষ্য গায়নে শলাগ জ্ঞাপন কৰা অনুষ্ঠানত ম’হকিনা গাঁৱৰ নামঘৰত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে।
মানস প্ৰতিমৰ পিতৃৰ কৃতজ্ঞতাঃ ম’হকিনা গাঁৱৰ আজি উক্ত সম্বৰ্ধনা অনুষ্ঠানত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান লাভ কৰা মানস প্ৰতিম শইকীয়াৰ পিতৃ নৰেন শইকীয়াই  তেওঁৰ পুত্ৰৰ কৃতকাৰ্যতাৰ বাবে ফলাফল ঘোষণাৰ সময়ৰে পৰা আজিলৈকে সম্বৰ্ধনা জনোৱা অসমৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তিক ৰাজহুৱা ভাৱে  কৃতজ্ঞতা জ্ঞাপন কৰে।