মাজুলীৰ বেঙেনাআটী সত্ৰত পুৰুষোত্তম যুৱ সমাজৰ উদ্যোগত তিনিদিনীয়া ফল্গুৎসৱৰ আয়োজন : সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীক ” “শাস্ত্ৰবিদ্যাৰ্ণৱ “উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন : মাজুলী ভিত্তিত দিহানাম প্ৰতিযোগিতা:
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বেঙেনাআটী সত্ৰত পুৰুষোত্তম যুৱ সমাজৰ উদ্যোগত ঐতিহ্য আৰু পৰম্পৰা অনুসৰি বিস্তৃত কাৰ্যসূচীৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ফল্গুৎসৱ অনুষ্ঠিত হৈছে। ফল্গুৎসৱ উপলক্ষে ইতিমধ্যে সমগ্ৰ সত্ৰখন সজাই পৰাই তোলা হৈছে। আজি ২ মাৰ্চৰ সন্ধিয়া ” মেষ দাহ” ৰে ফল্গুৎসৱৰ শুভাৰম্ভ হয়। এটা ভেলাঘৰত ছাগলীৰ নোম জ্বলাই প্ৰতিকী ৰূপত মেষ দাহ কৰা হয়। কালিলৈ ৩ মাৰ্চত বেঙেনাআটী সত্ৰৰ নামঘৰত ফল্গুৎসৱৰ ” মহা পূজা” কৰা হ’ব। তাৰপিছত নাম কীৰ্তন পৰিৱেশন কৰা হ’ব । দুপৰীয়া মাজুলী ভিত্তিত দিহানাম প্ৰতিযোগিতা আয়োজন কৰা হৈছে। উক্ত, দিহানাম প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সত্ৰখনিৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীক “শাস্ত্ৰবিদ্যাৰ্ণৱ” উপাধি প্ৰদান কৰা হ’ব। ৪ মাৰ্চত বাসুদেৱ বিগ্ৰহ “ফুৰনি” অনুষ্ঠান অনুষ্ঠিত হ’ব। ফল্গুৎসৱ উপলক্ষে সমগ্ৰ সত্ৰখনৰ চৌদিশে ফাকুৱা নাম পৰিৱেশন কৰি কৰি বিগ্ৰহ ফুৰুৱা হ’ব আৰু ৰাতিলৈ মাজুলীৰ বাচকবনীয়া শিল্পী সমাজৰ দ্বাৰা ” শ্ৰীশ্ৰী ভগৱত দৰ্শন” ভাওনাভাগি প্ৰদৰ্শন কৰা হ’ব।
