মাজুলীৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক থোলন শইকীয়াৰ মৃত্যু

মাজুলীৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক থোলন শইকীয়াৰ মৃত্যু:  মাজুলীত শোক 

বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ম’হকনা গাঁৱৰ বাসিন্দা থোলন শইকীয়াৰ আজি দুপৰীয়া বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। মধ্য মাজুলীৰ সমাজ- সংস্কৃতিৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত থোলন শইকীয়া মাজুলীৰ এজন বিশিষ্ট শিক্ষাব্ৰতী আছিল। ওৰেটো জীৱন তেওঁ শিক্ষা,সমাজ আৰু সংস্কৃতিৰ লগত জৰিত আছিল। নম্ৰ, সদাচাৰ,অল্পভাষী থোলন শইকীয়াই ১৯৪৪ চনৰ ১’ মাৰ্চত ম’হকিনা গাঁৱত জন্ম গ্ৰহণ কৰিছিল। তেওঁ ম’হকিনা গাঁৱত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত গড়মূৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কমলাবাৰীৰ মাজুলী আউনীআটী হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা সাং কৰে। থোলন শইকীয়াই ৰাৱনাপাৰ শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা সফলতাৰে প্ৰশিক্ষণ গ্ৰহণ কৰি প্ৰথমে জেংৰাইমুখ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ২ নং বৰগঞা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰে। তাৰপিছত তেওঁ ২০৬ নং খোনাচুক প্ৰাথমিক বিদ্যালয়ৰ ২০০২ চনত প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰে। সক্ৰিয় সমাজকৰ্মী থোলন শইকীয়া গড়মূৰ প্ৰাথমিক শিক্ষক কেন্দ্ৰৰ কেইবাবছৰো সভাপতি আছিল। তেওঁ ম’হকিনা গাঁও উন্নয়ন সমিতি, ম’হকিনা নামঘৰ নিৰ্মাণ আৰু পৰিচালনা সমিতি, ম’হকিনা প্ৰভাত লাইব্ৰেৰী আদিৰ লগতে ম’হকিনা অঞ্চলৰ বিভিন্ন সামাজিক সাংস্কৃতিক কাম-কাজৰ লগত ওতঃপ্ৰোত ভাৱে জৰিত আছিল। ২০২৩ চনৰ ২৪ ডিচেম্বৰত ২০৬ নং খোনাচূক প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত থোলন শইকীয়াক ৰাইজে ৰাজহুৱা সম্বৰ্ধনা জনায়। থোলন শইকীয়াৰ আজি দুপৰীয়া হঠাৎ অসুস্থ হৈ পৰে আৰু অতি কম সময়ৰ ভিতৰতে মৃত্যুৰ কোলাত ঢলি পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল  ৮৪  বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ তিনিজন পুত্ৰ আৰু দুগৰাকী  কন্যা, বোৱাৰী, জোঁৱাই, কেইবাজনো ভাতৃ, ভাতৃ বধু, কেইবাজনো ভতিজা -ভতিজী,আৰু কেইবাজনো নাতি নাতিনী ইহসংসাৰত এৰি থৈ গৈছে। শিক্ষা ব্ৰতী থোলন শইকীয়াৰ মৃত্যুত আজি ম’হকিনা গাঁও উন্নয়ন আৰু পৰিচালনা সমিতি, যুৱক সংঘ,খোনাচুক প্ৰাথমিক বিদ্যালয়, খোনাচুক পৰিচালনা আৰু উন্নয়ন সমিতি, বিভিন্ন ব্যক্তি, দল সংগঠন আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।