মাজুলীৰ বিশিষ্ট সমাজকৰ্মী পানীৰাম কলিতাৰ স্মৃতিচাৰণ অনুষ্ঠান ;
শ্ৰদ্ধাঞ্জলি গ্ৰন্থ ‘কৃতসংকল্প পানীৰাম কলিতা’ উন্মোচন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ বিশিষ্ট সমাজসেৱক, প্ৰতিষ্ঠিত ব্যৱসায়ী পানীৰাম কলিতাৰ প্ৰথম বাৎসৰিক দিৱস উপলক্ষে আজি কমলাবাৰীৰ তেওঁৰ বাসগৃহত আয়োজিত এক স্মৃতিচাৰণ অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি গ্ৰন্থ ‘কৃতসংকল্প পানীৰাম কলিতা’ উন্মোচন কৰা হয়। পুৱাৰ ভাগত যথাবিধি বৈদিক কৰ্ম সম্পন্ন কৰাৰ পাছত বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত স্মৃতিচাৰণ তথা গ্ৰন্থ উন্মোচনী সভাত সভাপতিত্ব কৰে কমলাবাৰীৰ ৰামধনু শাখা সাহিত্য সভাৰ সভাপতি তথা শ্ৰদ্ধাঞ্জলি গ্ৰন্থ সম্পাদনা সমিতিৰো সভাপতি ডিম্বেশ্বৰ দত্তই। শ্ৰদ্ধাঞ্জলি গ্ৰন্থৰ সম্পাদনা সমিতিৰ সদস্য প্ৰতাপ বৰুৱাই আঁত ধৰা সভাখনিত বিশিষ্ট অতিথিসকলক আদৰণি আৰু সম্ভাষণ জনায় পানীৰাম কলিতাৰ সহধৰ্মিণী, উদ্যোগী মহিলা ৰেণু কলিতাই, পুত্ৰদ্বয় গৌতম কলিতা আৰু উৎপল কলিতা, জীয়াৰী মীনাক্ষি কলিতা, পুত্ৰবধূ কৃপা দত্ত কলিতা আৰু নমিতা ৰাজখোৱা কলিতাই। অনুষ্ঠানৰ আৰম্ভণিতে পানীৰাম কলিতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়াই। মংগলাচৰণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ডলী বৰুৱাই। শিক্ষক অমৰজ্যোতি বৰাৰ দ্বাৰা সম্পাদিত শ্ৰদ্ধাঞ্জলি গ্ৰন্থ ‘কৃতসংকল্প পানীৰাম কলিতা’ উন্মোচন কৰি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “বান-খহনীয়াত পৈত্ৰিক ভেটি-সম্পত্তি হেৰুৱাই সৰ্বস্বান্ত হোৱা পানীৰাম কলিতাই পিতৃ গোলোক কলিতাৰ আদৰ্শ শিৰোগত কৰি লৈ কিমান কষ্ট আৰু সংগ্ৰামৰ মাজেৰে নিজকে প্ৰতিষ্ঠিত কৰি তুলিলে, সেই কথা ভাবিলে একেসময়তে আচৰিত হোৱাৰ উপৰি তেওঁৰ অধ্যৱসায়ৰ প্ৰতি গভীৰ শ্ৰদ্ধা ওপজে।’’ অনুষ্ঠানত পানীৰাম কলিতাৰ ব্যক্তিত্ব আৰু আদৰ্শৰ বিষয়ে অৱলোকন কৰে শিক্ষাবিদ ভোলা বৰা, নৰনাথ হাজৰিকা, ডঃ আনন্দ হাজৰিকা, কিশোৰী মোহন পাল, ললিত শইকীয়া, যুগল হাজৰিকা আৰু মুনীন্দ্ৰ ভূঞাই। সভাত পানীৰাম কলিতাৰ ভাতৃ বাপুৰাম কলিতা, শিক্ষাবিদ জিতেন্দ্ৰ নাথ ডেকা, শিশুমহীয়ান লোহিত বৰা, কৃষ্ণকমল শইকীয়া, অৰুণ কুমাৰ পাঠক, জগন্নাথ দুৱৰীয়া, প্ৰভাত বৰা বুঢ়াভকত, পদ্ম ভাগৱতী, দিবাকৰ শইকীয়া, খগেন হাজৰিকা, ধীৰেন বৰা, মায়াশ্রী ডেকা হাজৰিকা, ডঃ ৰূপজ্যোতি বৰা, প্ৰণীতা ৰাজখোৱা, ডিম্বেশ্বৰ ভূঞা, ৰাজীৱ দত্ত ভূঞা, দীপু বৰা, যদু কলিতা, মনোহৰ ব্যাস, উপেন শইকীয়া, জয়ন্ত দত্ত, সত্যজিৎ হাজৰিকা, বিনীতা ৰাজখোৱা ভূঞা, ৰূবী বৰা সভাপণ্ডিত, পৱিত্ৰ গোস্বামী, দীপক নেওগ, প্ৰাঞ্জল শইকীয়া, সীমান্ত বৰা, নীলকমল শইকীয়া, দুলাল ভূঞা, জয়ন্ত মাধৱ কলিতা প্ৰমুখ্যে দ্বিশতাধিক লোক উপস্থিত থাকে। সহধৰ্মিণী ৰেণু কলিতাই উপস্থিত সকলোকে কৃতজ্ঞতা জনাই বক্তব্য আগবঢ়ায়।
