মাজুলীৰ বাবে পৰীক্ষা কেন্দ্ৰৰ ‍আৱশ্যকতা – বিপাশা বৰা

মাজুলীৰ বাবে পৰীক্ষা কেন্দ্ৰৰ ‍আৱশ্যকতা

বিপাশা বৰা,মাজুলী

মাজুলী জিলাত পৰীক্ষা কেন্দ্ৰৰ অভাৱ এক গুৰুত্বপূৰ্ণ সমস্যা। মাজুলী জিলাই কম পৰিসৰৰ শিক্ষা আৰু উন্নতি লাভ কৰিছে যদিও ভালদৰে পৰ্য্যবেক্ষণ কৰিলে দেখা যায় যে যিমানখিনি উন্নতি হ’ব লাগিছিল তাৰ তুলনাত বহুত কম সংখ্যক উন্নতি হোৱাহে দেখা গৈছে। ইয়াত থকা শিক্ষানুষ্ঠানৰ সংখ্যা অত্যাধিক হ’লেও ইয়াৰ অধিকাংশই প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰহে আয়োজন কৰে। ইয়াৰ পৰিনতিত বহু পৰীক্ষাৰ্থীয়ে অসম চৰকাৰৰ যিকোনো প্ৰতিযোগীতামূলক পৰীক্ষা বা মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষা দিবলৈ অন্য জিলালৈ ঢাপলি মেলিব লগা হয়। এই যাত্রা কেতিয়াবা বহুত বেছি দুৰ হোৱাও দেখা যায়। তাৰোপৰি এইয়া অধিক ব্যয়বহুল আৰু লগতে সময়ৰো অপচয় হোৱা দেখা যায়। যাৰ ফলত পৰীক্ষাৰ্থীসকলৰ মানসিক চাপ বৃদ্ধি হয় আৰু ফলাফলো আশা কৰা মতে নহ’ব পাৰে। এটা পৰীক্ষা কেন্দ্ৰৰ অবিহনে বৰ্তমান সময়ত পৰীক্ষাৰ্থীসকল বহু বাধাৰ সন্মুখিন হৈছে। এই সমস্যাৰ সমাধান কৰিবলৈ এটা পৰীক্ষা কেন্দ্ৰ স্থাপনৰ প্ৰয়োজন। যাৰ ফলত পৰীক্ষাৰ্থীসকলৰ মেধাৰ পৰীক্ষা সঠিকভাবে কৰিব পৰা যাব। লগতে শিক্ষাৰ গুণগত দিশৰ পৰাও সুফল লাভ কৰিব পৰা যাব।