মাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক, বিদ্যালয়ৰ উপাধ্যক্ষ গজেন বৰাৰ ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন
বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ মাধ্যমিক শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ সমাজ তত্ত্ব বিভাগৰ সদ্য অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক, বিদ্যালয়ৰ উপাধ্যক্ষ গজেন বৰাৰ ৰাজহুৱা বিদায় সম্বৰ্ধনা সভাখন আজি বিদ্যালয় কতৃপক্ষৰ উদ্যোগত বিদ্যালয়খনত অনুষ্ঠিত হয়। আজি দুপৰীয়া বাৰ বজাৰ পৰা আৰম্ভ হোৱা উক্ত ৰাজহুৱা বিদায় সম্বৰ্ধনা সভালৈ প্ৰথমে সম্বৰ্ধিত শিক্ষক গজেন বৰাক দীৰ্ঘ দূৰত্বৰ, চাৰিঙাআটী গাঁৱৰ পৰা বিদ্যালয় কতৃপক্ষই ঘৰৰ পৰা আদৰি আনে । তাৰপিছত বিদ্যালয়ৰ মূল তোৰণৰ পৰা শ শ ছাত্ৰ-ছাত্ৰী, শিক্ষক – শিক্ষয়িত্ৰীয়ে শোভাযাত্ৰা কৰি বিদ্যালয়ৰ প্ৰেক্ষাগৃহলৈ আদৰি আনে। তাৰপিছত বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাজহুৱা বিদায় সম্বৰ্ধনা সভাখন অনুষ্ঠিত হয়। বিদ্যালয়ৰ শিক্ষক যদু কলিতাই আঁত ধৰা উক্ত সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি নিৰণ শইকীয়াই।

বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী, সংগীত বিশাৰদ ৰুণমণি শইকীয়াই বৰগীত পৰিৱেশনেৰে সভাখন শুভাৰম্ভ কৰা হয়। উক্ত ৰাজহুৱা বিদায় সম্বৰ্ধনা সভাখন তত্ত্বগধুৰ ভাষণৰে উদ্বোধন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়াই । অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ অধ্যক্ষ অজিত সভাপণ্ডিতে। ৰাজহুৱা বিদায় সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে পীতাম্বৰ দেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ঘনকান্ত নাথ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুণমণি নাথ, মাজুলী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক জিতেন ডেকা, অধ্যাপক ড০ ৰাজেন বৰা, নামনি মাজুলী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুশল হাজৰিকা, গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কুমুদ গোস্বামী, চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিৰ্মল বৰা, সুৰেন বৰা, গুণেশ্বৰ গায়ন, জয়ন্ত দত্ত আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে।

এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত অৱসৰী শিক্ষাগুৰু গজেন বৰাক বিদ্যালয় কতৃপক্ষ, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী গোট, ছাত্ৰ একতা সভা, বিদ্যালয়ৰ ন- পুৰণি ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, সভাত উপস্থিত থকা বিশিষ্ট অতিথি, উপস্থিত ৰাইজে গজেন বৰাক ৰাজহুৱা সম্বৰ্ধনা জনায় । অনুষ্ঠানত উপস্থিত ৰাইজৰ মাজৰ পৰা পাথৰিচুকৰ নামনি সোৱণশিৰি মিচিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক সঞ্জীৱ কুমাৰ পায়েং, শিক্ষক কৰ্মচাৰী গোটৰ সভাপতি সত্যৰঞ্জন হাজৰিকা, বিদ্যালয়ৰ ছাত্ৰী বিউতি হাজৰিকাই শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে। ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰি অৱসৰী শিক্ষক গজেন বৰাই তেওঁৰ কৰ্মজীৱনৰ নিৰ্মোহ বিশ্লেষণ ডাঙি ধৰি আবেগ ভৰা ভাষন প্ৰদান কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে যদু কলিতাই। অনুষ্ঠানটিত শতাধিক লোকে অৱসৰপ্ৰাপ্ত শিক্ষক গজেন বৰাক সম্বৰ্ধনা জনায়।
