মাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ” বিদ্যালয় সপ্তাহ” আৰম্ভ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী শিক্ষা খণ্ডৰ অন্তৰ্গত পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ২০২৪-২০২৫ বৰ্ষৰ বিদ্যালয় সপ্তাহ আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। বিদ্যালয় সপ্তাহ উপলক্ষে আজি পুৱা বিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশ পৰিস্কাৰ কৰে। তাৰপিছত প্ৰাত:সভা অনুষ্ঠিত হয়। পুৱা দহ বজাত বিদ্যালয় সপ্তাহ উপলক্ষে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে ছাত্ৰ একতা সভাৰ কাৰ্যকৰী সভাপতি গজেন বৰাই। উক্ত পতাকা উত্তোলন কৰি ” শিক্ষাৰ এটা অবিচ্ছেদ্য অঙ্গ হিচাবে ক্ৰীড়া” বুলি উল্লেখ কৰে আৰু ক্ৰীড়াক এক প্ৰকৃত শিক্ষা বুলি প্ৰকাশ কৰে।
পতাকা উত্তোলনৰ পাছত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা অলিম্পিকৰ আৰ্হিত অলিম্পিক শিখা প্ৰজ্বলন কৰি বিদ্যালয় সপ্তাহ উদ্বোধন কৰে বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ক্ৰীড়া সম্পাদক অনিল নৰহে। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ভৰত পায়েঙে পৰিচালনা কৰা উক্ত উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে জ্যেষ্ঠ শিক্ষক যদু কলিতাই।
উদ্বোধনী অনুষ্ঠানত ফুটবল শ্ব’ ট মাৰি খেল সপ্তাহ উদ্বোধন কৰে গজেন বৰাই। তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত, বিদ্যালয় সপ্তাহৰ আজি ছাত্ৰীসকলৰ মাজত সংগীত চকী, মনোযোগী খেল, বেডমিণ্টন,ভলীবল প্ৰতিযোগিতা আৰু ছাত্ৰৰ মাজত লং জাপ, ভলীবল প্ৰতিযোগিতা, বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হয়। অহা ১৪ ডিচেম্বৰলৈকে উক্ত বিদ্যালয় সপ্তাহ অনুষ্ঠিত হ’ব।