মাজুলীৰ জীৱন্ত ৰাস সমিতিক অতিৰিক্ত ৫০ হাজাৰ টকাকৈ দিব চৰকাৰে

মাজুলীৰ জীৱন্ত ৰাস সমিতিক অতিৰিক্ত ৫০ হাজাৰ টকাকৈ দিব চৰকাৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাস মহোৎসৱলৈ মাজত মাথো কেইটিমান দিন । ইতিমধ্যে আৰম্ভ হৈছে ৰাসৰ আখৰা । ইয়াৰ মাজতে মাজুলীৰ ৰাস উদযাপন সমিতিসমূহলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দিছে এক সুখবৰ। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ জীৱন্ত ৰাস উদযাপন সমিতিসমূহলৈ ৫০ হাজাৰ টকাকৈ অতিৰিক্ত অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। পূর্বে ঘোষণা কৰা ২৫ হাজাৰ টকাৰ সাহায্যৰ উপৰি এতিয়া মাজুলীৰ জীৱন্ত ৰাস উদযাপন সমিতিসমূহে লাভ কৰিব অতিৰিক্ত ৫০ হাজাৰকৈ টকা। এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কয় যে অসমৰ আত্মা আৰু সাংস্কৃতিক ভাবমূর্তিক প্রতিনিধিত্ব কৰা মাজুলীৰ ৰাস মহোৎসৱ হৈছে এক জীৱন্ত উদযাপন। আমাৰ চৰকাৰে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সন্মানার্থে ইয়াৰ প্ৰতিখন ৰাস সমিতিৰ বাবে অতিৰিক্ত ৫০ হাজাৰ টকাকৈ অনুদান ঘোষণা কৰিবলৈ পাই আহ্লাদিত হৈছে। এই অনুদানৰাশি পূৰ্বে ঘোষণা কৰা ২৫ হাজাৰ টকাৰ অতিৰিক্ত হিচাপে আগবঢ়োৱা হৈছে। এই পদক্ষেপ অসমৰ সমৃদ্ধ ঐতিহ্য আৰু পৰম্পৰা প্ৰদৰ্শনৰ প্ৰিয় উৎসৱটোৰ আয়োজনত সহযোগিতা আৰু সম্প্ৰসাৰণৰ প্ৰতি ৰাজ্য চৰকাৰৰ দায়বদ্ধতাৰ প্রতিফলন বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব  শর্মাই উল্লেখ কৰে। ইফালে, এই সিদ্ধান্তত মাজুলীৰ ৰাস উদযাপন সমিতিসমূহ উৎফুল্লিত হোৱাৰ লগতে ৰাজ্য চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। উল্লেখ্য যে অহা ১৫, ১৬ আৰু ১৭ নৱেম্বৰত অনুষ্ঠিত হ’ব ৰাসোৎসৱ। অৱশ্যে মাজুলীৰ একাংশ ৰংগমঞ্চত ১৪ নৱেম্বৰৰ পৰা ৰাসোৎসৱ আৰম্ভ হ’ব।