মাজুলীৰ ছগৰাকী কবিক সদৌ অসম কবি সন্মিলনৰ ‘কাব‍্যনন্দিনী’ৰ সম্বৰ্ধনা

মাজুলীৰ ছগৰাকী কবিক সদৌ অসম কবি সন্মিলনৰ ‘কাব‍্যনন্দিনী’ৰ সম্বৰ্ধনা

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম কবি সন্মিলনৰ ভগ্নী সংগঠন ‘কাব‍্যনন্দিনী’ৰ উদ‍্যোগত আজি মাজুলী মহাবিদ‍্যালয়ত মাজুলীৰ ছগৰাকী কবিক সম্বৰ্ধনা জনাবলৈ আয়োজিত সম্বৰ্ধনানুষ্ঠানৰ লগতে এখনি কবি সন্মিলন অনুষ্ঠিত হয়। মাজুলী জিলা কবি সন্মিলনৰ আতিথ‍্যত মহাবিদ‍্যালয়ৰ সত্ৰাধিকাৰ পদ্মকান্তদেৱ গোস্বামী সভাকক্ষৰ ‘হিমলা বৰুৱানী সোঁৱৰণী মঞ্চ’ত অনুষ্ঠিত সম্বৰ্ধনানুষ্ঠান সঞ্চালনা কৰে জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকাই।  কাব্যনন্দিনীৰ মুখ্য আহ্বায়ক মানসী গগৈয়ে আঁত ধৰা অনুষ্ঠানত ‘কাব্যনন্দিনী’ৰ সম্পাদক কুন্তলা কল্যাণী সন্দিকৈয়ে আদৰণী ভাষণ দিয়ে।অনুষ্ঠানৰ আৰম্ভণিতে ‘কাব‍্যনন্দিনী’ আৰু জিলা কবি সন্মিলনৰ তৰফৰ পৰা বিশিষ্ট অতিথিসকলক অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলাৰে আদৰণি জনোৱা হয়।

অনুষ্ঠানটো উদ্বোধন কৰি মাজুলী মহাবিদ‍্যালয়ৰ অধ‍্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়, “কবিসকল শব্দৰ চিত্ৰকৰ। শব্দ-চিত্ৰৰ নৈপুণ‍্য নিৰ্ভৰ কৰে কবিসকলৰ পৰ্যবেক্ষণৰ সামৰ্থ‍্যৰ ওপৰত। একোগৰাকী সাৰ্থক কবিয়ে ৰসগ্ৰাহী পাঠকৰ মনত ভাবৰ হেন্দোলনি তুলিব পাৰে।” সদৌ অসম কবি সন্মিলনৰ ‘কাব্যনন্দিনী’ৰ তৰফৰ পৰা আজিৰ অনুষ্ঠানত মাজুলীৰ বিশিষ্ট কবি তথা সাহিত‍্যিক ক্ৰমে অমিয়া দেৱী বৰঠাকুৰ, ইন্দুলেখা হাজৰিকা, লক্ষিমী বৰুৱা, কৌশল্যা বায়ন, স্বৰ্ণ মুদৈ আৰু সুৰ শইকীয়া হাজৰিকাক অংগবস্ত্ৰ, কিতাপৰ টোপোলা আৰু মান পত্ৰেৰে সম্বৰ্ধনা জনোৱা হয়।  সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে ‘কাব‍্যনন্দিনী’ৰ সভাপতি কবি ৰেণুমালা চাংমাইৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনখনিৰ আঁত ধৰে মুখ‍্য আহ্বায়ক প্ৰীতিমা চাংমায়ে।

এই কবি সন্মিলনত ডঃ দেৱজিৎ শইকীয়া, যুগল হাজৰিকা, ৰেণুমালা চাংমাই, প্ৰীতিমা চাংমাই, মানসী গগৈ, লক্ষিমী বৰুৱা, স্বৰ্ণ মুদৈ, কুন্তলা কল্যাণী সন্দিকৈ, অমিয়া দেৱী বৰঠাকুৰ, ইন্দুলেখা হাজৰিকা, পুণ্য শইকীয়া, প্ৰণীতা ৰাজখোৱা, মল্লিকা বৰা, কৌশল্যা বায়ন হাজৰিকা, সুৰ শইকীয়া হাজৰিকা, বিজু ভূঞা ওজা, বিভাৰাণী শইকীয়া, নিৰু চেতিয়া হাজৰিকা, কবিতা বৰা মুদৈ, শ্যামন্ত পায়েং, লক্ষীনাৰায়ণ শৰ্মা, অবিনাশ ভূঞা, ৰাজু কলিতা, ৰাজদ্বীপ নাথ, পপী দাস, ধ্ৰুৱজ্যোতি নাথ, মিতালী কলিতা, বন্তি ভূঞা, গৌতম দাস, জয়ন্ত শইকীয়া, প্ৰমুখ‍্যে অৰ্ধ শতাধিক কবিয়ে কবিতা পাঠ কৰে। শেষত শলাগৰ শৰাই আগবঢ়ায় মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক শ‍্যামন্ত পায়েঙে।