মাজুলীৰ চিৰাম চাপৰিত ৫০ বিঘা মাটিত ভোট জলকীয়া খেতিৰ আনুষ্ঠানিক  শুভাৰম্ভণি

মাজুলীৰ চিৰাম চাপৰিত ৫০ বিঘা মাটিত ভোট জলকীয়া খেতিৰ আনুষ্ঠানিক  শুভাৰম্ভণি

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগৰ কাৰিকৰী সহযোগিতাত উজনি মাজুলীৰ চিৰাম চাপৰিৰ মূদৈবিল-নৱৰতনপুৰ আৰু দেউৰী পামৰ ৫০ বিঘা কৃষিভূমিত ভোট জলকীয়া খেতিৰ আনুষ্ঠানিক পুলি ৰোপন কাৰ্যসূচী দেওবাৰে শুভাৰম্ভণি কৰে স্হানীয় বিধায়ক ভূৱন গাম ,  জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকৰ লগতে জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসে।

উল্লেখ্য যে শ্ৰীৰাম চাপৰি আৰু দেউৰী পাম এলেকাত বৃহৎ পৰিসৰত কৰা এই ভোট জলকীয়া খেতিৰ জৰিয়তে এতিয়া কৃষক ৰাইজৰ উপাৰ্জন অধিক বৃদ্ধি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। অঞ্চলটোৰ কৃষক পৰিয়ালৰ পুৰুষ মহিলা উভয়ে প্ৰথমবাৰলৈ হাতে কামে লাগি উৎসাহ উদ্দীপনাৰে এনেধৰণে এক বৃহৎ পৰিসৰত খেতি কৰিবলৈ আগবাঢ়ি অহাত জিলা কৃষি বিভাগৰ বিষয়-ববীয়া সকলৰ লগতে জিলা প্রশাসনৰ বিষয় ববীয়া সকলে সন্তোষ প্ৰকাশ কৰিছে । এই শুভাৰম্ভণি কাৰ্যসূচীত জিলা প্ৰশাসনৰ বিষয়া, জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী, অঞ্চলটোৰ বিশিষ্ট ব্যক্তি আৰু  কৃষক ৰাইজ উপস্থিত থাকে।