মাজুলীৰ চিৰাম উ:মা:বিদ্যালয়ত শ্বহীদ দিৱস পালন

মাজুলীৰ চিৰাম উ:মা:বিদ্যালয়ত শ্বহীদ দিৱস পালন
বিকাশ শইকীয়া, মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা-  ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গড্ ছেৰ হাতত প্ৰাণ ত্যাগ কৰিছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত আৰু শত সহস্ৰ বীৰ বীৰাংগনাই প্ৰাণ আহুতি দিয়াৰ বিনিময়ত  ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে। সেই সকল প্ৰাণ আহুতি দিয়া মহান শ্বহীদক স্মৰণ কৰাৰ উদ্দেশ্যে  আজি ৭৬ তম শ্বহীদ দিৱসত দেশ তথা ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলী জিলাতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান , চৰকাৰী কাৰ্যালয় সমূহৰ লগতে বিদ্যালয় , মহাবিদ্যালয় সমূহত শ্বহীদ দিৱস পালন কৰে। উজনি মাজুলীৰ চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুহ শিক্ষক/কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী একগোট হৈ ২ মিনিট সময়  মৌনতা অৱলম্বনেৰে মৌন প্ৰাৰ্থনা জনাই সেই সকল মহান আত্মালৈ শ্ৰদ্ধা জনোৱা হয় । মৌন প্ৰাৰ্থনাৰ আগে আগে বিদ্যালয় প্ৰধান পদুম মহন্তই শ্বহীদ দিৱস পালনৰ তাৎপৰ্য ব্যাখ্যা কৰি ছাত্ৰ-ছাত্ৰীক দেশৰ হকে জীৱন বলিদান দিয়া বীৰ-বীৰাংগনা সকলৰ বিষয়ে বিতংকৈ জানিবলৈ আহ্বান জনায়। শিক্ষক-শিক্ষয়িত্ৰীৰ হৈ প্ৰভুনাথ ভগত, অৰুণ  মিলি, মহেন্দ্ৰ  বৰা, পল্লৱী মৰাণ, দিপ্তী ডেকা, মাধৱ শইকীয়া, মমতা শৰ্মাই ভাৰতীয় ইতিহাসৰ বিষয়ে জানিবলৈ শিক্ষাৰ্থী সকলক অনুপ্ৰাণিত কৰে।