মাজুলীৰ গণেশ শইকীয়াই পাচলি খেতিৰে হৈছে স্বাৱলম্বী

মাজুলীৰ গণেশ শইকীয়াই পাচলি খেতিৰে হৈছে স্বাৱলম্বী
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলীৰ মহ’কিনা গাঁৱৰ এজন প্ৰগতিশীল আদৰ্শ কৃষক গণেশ শইকীয়াই এইবাৰ বিভিন্ন পাচলি খেতি কৰি হৈছে যথেষ্ট স্বাৱলম্বী। শইকীয়াই ম’হকিনা গাঁৱৰ নিজৰ খেতি মাটিত এইবাৰ জিকা, দাংবদী, ভেণ্ডী আদি পাচলি খেতি কৰি যথেষ্ট লাভাম্বিত হৈছে। অতিশয় পৰিশ্ৰমী গণেশ শইকীয়াই পাঁচ বিঘা মাটিত জিকা , এবিঘা মাটিত দাংবডী আৰু ভেণ্ডী খেতি প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। নিজৰ ঘৰৰ কাষতে এইবছৰ প্ৰথমে তেওঁ ভেণ্ডী আৰু ডাংবডী খেতি আৰম্ভ কৰিছিল। গণেশ শইকীয়াই উক্ত পাচলি খেতিত তেওঁক সহায় কৰিবলৈ লগত একে গাঁৱৰে দিগন্ত গায়ন নামৰ এজন ব্যক্তিক লগত লৈ ললে । গণেশ আৰু দিগন্তই কঠোৰ পৰিশ্ৰম কৰি ভেণ্ডী আৰু ডাংবদী উৎপাদন কৰিলে। দুয়োটা খেতিত তেওঁলোকে প্ৰচুৰ পৰিমাণে লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ল। মাজতে নেৰানেপেৰা বৰষুণে তেওঁলোকৰ ডাংবদী আৰু ভেণ্ডী পাচলি খেতিত যথেষ্ট আমনি কৰিছিল। ডাংবদী আৰু ভেণ্ডী বিক্ৰী কৰি গণেশ শইকীয়াই প্ৰচুৰ লাভ হোৱাত তেওঁ পৰৱৰ্তী সময়ত জিকা খেতিৰ বাবে মন মেলিলে।  থলুৱা আৰু বৰ্ণশংকৰ জাতৰ হাইব্ৰীড  জিকাৰ গুটি পঁচাই তেওঁ চাৰিবিঘা মাটিত জিকা পুলি ৰোপন কৰিলে। জিকাৰ বাবে প্ৰয়োজনীয় ওখ ভেটি অথাৎ মাটিৰ ঢাপ নিৰ্মাণ কৰি শাৰী শাৰীকৈ গণেশ শইকীয়া আৰু দিগন্ত গায়নে উক্ত চাৰিবিঘা মাটিত জিকা পুলি ৰুলে। জিকা খেতিৰ বাবে প্ৰয়োজনীয় সকলো আপদাল, তল নিওৱা, জেং দিয়া আদি নিয়মীয়াকৈ গণেশ আৰু দিগন্তই কৰি গ’ল। জিকা ফুল ফুলিবৰ সময়ত অহা পোক পতংগ নিৰাময়ৰ বাবে তেওঁলোকে জৈৱিক ঔষধ ব্যৱহাৰ কৰিলে। প্ৰথম চামতে শাৰী, শাৰী বেডত জিকা লোমা লোমে লগিল। প্ৰথম বাৰ জিকা চিঙি বিক্ৰী কৰি গণেশ আৰু দিগন্তই প্ৰচুৰ লাভ পোৱাত তেওঁলোকে জিকা খেতিত বেছিকৈ মনোযোগ দিলে। যোৱা এমাহ ধৰি গণেশ শইকীয়াই প্ৰতি দুদিনৰ মুৰে মুৰে জিকা চিঙি ব্যৱসায়িক বিক্ৰী কৰি আছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ  গণেশ শইকীয়াই বৰ্তমান সময়ত প্ৰচুৰ পৰিমাণে জিকা উৎপাদন কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে  তেওঁ সৰ্বোচ্চ প্ৰতি কিলোত ৪৫ টকা দৰত কেইবা কুইন্টল জিকা বিক্ৰী কৰিছে। জৈৱিক পদ্ধতিৰে উৎপাদন কৰা বাবেই গণেশ শইকীয়াৰ  জিকাৰ চাহিদা অধিক হৈ পৰিছে। প্ৰতিদিনে জিকা আনিবলৈ গৈ মাজুলীৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীয়ে গণেশ শইকীয়াৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। অতিশয় সু-স্বাদু , সতেজ জিকা বোৰ গণেশ শইকীয়াৰ পথাৰত বৰ্তমান লোমালোমে লাগি আছে। মাজুলী জিলা কৃষি বিভাগে গণেশ শইকীয়াৰ জিকা খেতিত পাম বিদ্যালয় ( Palm  School) হিচাপে গ্ৰহণ কৰি কেইবাটাও পৰিকল্পনা গ্ৰহণ কৰিছে। গণেশ শইকীয়াই উৎপাদন কৰা জৈৱিক পদ্ধতিৰ জিকা বৰ্তমান মাজুলীত খুব জনপ্ৰিয় হৈ পৰিছে। প্ৰগতিশীল কৃষক গণেশ শইকীয়াই কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ চমুকৈ আটমা (ATMA) ৰ অধীনৰ পাম বিদ্যালয় কাৰ্যসূচীৰ জৰিয়তে যথেষ্ট লাভৱান হ’বলৈ সক্ষম হৈছে। তেওঁক আটমাৰ তৰফৰ পৰা জিকা বীজ, সাৰকে ধৰি অন্যান্য প্ৰয়োজনীয় সকলো সহযোগিতা লাভ কৰিছিল । বৰ্তমান তেওঁৰ জিকা খেতিত লাভজনক হৈ পৰাত মাজুলীৰ বহুতো কৃষকে গণেশ শইকীয়াৰ কৃষি কৰ্মক আদৰ্শ হিচাপে লৈছে।