মাজুলীৰ গড়মূৰ সত্ৰত মাহজোৰা দিহানাম অনুশীলনৰ সামৰণি
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- পবিত্ৰ ভাদ মাহৰ লগত সংগতি ৰাখি গত বৰ্ষৰ দৰে চলিত বৰ্ষতো যোৱা এক ভাদৰ পৰা মাজুলীৰ প্ৰসিদ্ধ গড়মূৰ সত্ৰত যুৱ বৈষ্ণৱ সকলে অনুশীলন কৰা দিহানামৰ ১৮ চেপ্তেম্বৰৰ ৰাতি আনুষ্ঠানিক ভাৱে সামৰণি পৰে ৷ সত্ৰৰ লক্ষ্য গায়ন আৰু বিকু শৰ্মাৰ পৰিচালনাত হোৱা দিহানামৰ অনুশীলনত সত্ৰৰ যুৱ বৈষ্ণৱসকলে অংশগ্ৰহণ কৰি পহিলা ভাদৰ পৰাই দিহানামৰ অনুশীলন অব্যাহত ৰাখিছিল ৷ দিহানাম সামৰণি উপলক্ষে পুৱা সত্ৰৰ যুৱ বৈষ্ণৱসকলে পুৱা সত্ৰৰ চৌদিশৰ পৰিবেশ নিকাকৰণ কৰে ৷ সন্ধ্যা আৰতিৰ পূৰ্বে যুৱ বৈষ্ণৱ সকলে সত্ৰৰ মূল কৰা তোৰণৰ পৰা দুয়োকাষে বন্তি প্ৰজ্বলন কৰি এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰে ৷ সন্ধ্যা আৰতি, নিত্যনৈমিত্তিক প্ৰসংগৰ পিছতে নিমন্ত্ৰিত ম’হকিনা, আদৰ্শ বৰবাৰী, কেৰেলাগাওঁ, গোপালপুৰ, শান্তিপুৰ, মিলনপুৰ আদিৰ বৈষ্ণৱক আসনত উপবিষ্ট কৰায় দিহানামৰ সামৰণি নাম আৰম্ভ হয় ৷ সত্ৰৰ অনুশীলনত অংশগ্ৰহণ কৰা বিকু শৰ্মা, উৎপল কাকতি, দিব্য বৰা, মনোৰঞ্জন বৰা, দিগন্ত বৰা, দেৱজিৎ বৰা, মনোজ তামুলী, দিবাকৰ কাকতিৰ উপৰিও নিমন্ত্ৰিত ম’হকিনা গাওঁ, কেৰেলাগাওঁ, গোপালপুৰ, আদৰ্শ বৰবাৰী গাওঁৰ বৈষ্ণৱে দিহানাম পৰিবেশন কৰে ৷ নামৰ শেষত সত্ৰৰ বৰনামলগোৱা তথা শিল্পী পেঞ্চনাৰ জীৱন চন্দ্ৰ ভূঞাক যুৱ বৈষ্ণৱৰ তৰফৰ পৰা চেলেং চাদৰেৰে সম্বৰ্ধনা জনায় আৰ্শীবাদ গ্ৰহণ কৰে ৷ নামৰ লগত সংগত কৰা নাগাৰা, তাল আৰু আয়তীৰ উৰুলিত মুখৰ হৈ পৰে সত্ৰৰ চৌদিশ ৷ ৰাতি নামৰ শেষত আৰ্শীবাদ প্ৰদান, প্ৰসাদ, পকামিঠৈ আৰু ভোগ বিতৰণেৰে দিহানামৰ সামৰণি পৰে ৷