মাজুলীৰ গড়মূৰত জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা-২০২৬

মাজুলীৰ গড়মূৰত জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা-২০২৬:আৰম্ভ : থলুৱা ভাৱে উৎপাদিত বস্ত্ৰ সহ খাদ্য সামগ্ৰী উপলব্ধ মেলাত

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ অতিক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ আঁচনিৰ জৰিয়তে অসম ক্ষুদ্ৰ উদ্যোগ বিকাশ লিমিটেডৰ সৌজন্যত মাজুলী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সহযোগত আজিৰে পৰা জিলা সদৰৰ গড়মূৰ আৰক্ষী থানাৰ সমীপত ‘জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা-২০২৬’ ৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হয়। এই উপলক্ষে আজি দিনৰ ১ বজাত পাচদিনীয়াকৈ আয়োজন কৰা মেলাৰ আনুষ্ঠানিক ভাৱে ফিটা কাটি উদ্ধোধন কৰে বিধায়ক ভূবন গামে ৷ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, মাজুলীৰ সহকাৰী প্ৰবন্ধক জনাৰ্দন দাসে আঁত ধৰা শুভ উদ্ধোধনী অনুষ্ঠানত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰবন্ধক ৰাজকুমাৰ বৰি, জিলা পৰিষদৰ সভানেত্ৰী নৱনীতা দাস, অতিৰিক্ত আয়ুক্ত ভাস্কৰজ্যোতি বৰা, আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া, সহকাৰী আয়ুক্তদ্বয় নেত্ৰকমল বৰা আৰু সীমান্ত বুঢ়াগোহাঁই, জিলা বিজেপিৰ সভাপতি দীপক গোস্বামী প্ৰমুখ্যে মেলাত অংশগ্ৰহণ কৰা ষ্ট’ল সমূহৰ স্বত্বাধিকাৰী, থলুৱা উদ্যোগীকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে ৷ উক্ত মেলাৰ শুভ উদ্ধোধন কৰি বিধায়ক আৰু জিলা আয়ুক্তই এনে ব্যৱস্থাৰ জৰিয়তে থলুৱা উদ্যোগী সকল লাভান্বিত হোৱাৰ লগতে আৰ্থিক ভাৱে স্বাৱলম্বী হ’ব পাৰিব । মেলাৰ উদ্যোক্তা জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীক শলাগ জ্ঞাপন কৰে ৷ আজিৰে পৰা আৰম্ভ হোৱা জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা অহা ৯ জানুৱাৰীলৈ মুকলি থাকিব ৷ এই মেলাত ৫০ খন বিপনীৰ ব্যৱস্থা কৰা হৈছে ৷ পুৱা ৯-৩০ বজাৰ পৰা সন্ধ্যা ৮ বজালৈকে এই মেলা খোলা থাকিব ৷ থলুৱা উদ্যোগীৰ সাজ-পাৰ, পিঠাপনা, গুৰ আদিকে ধৰি বিভিন্ন সা-সামগ্ৰী ৰাইজে ক্ৰয় কৰিব পাৰিব এই স্বদেশী মেলাত ৷