মাজুলীৰ কাকৰিকটা প্ৰাথমিক বিদ্যালয়ত “সাহস” (এন জি অ’) মাজুলী টীম’ৰ জাৱৰৰ ওপৰত সজাগতামূলক সভা
বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- নামনি মাজুলীৰ চিলাকলা পঞ্চায়তৰ অন্তৰ্গত কাকৰিকটা প্ৰাথমিক বিদ্যালয়ত আজি “সাহস” (এন জি অ’) মাজুলী টীম’ৰ উদ্যোগত তথা বিদ্যালয়খনিৰ সহযোগত জাৱৰৰ ওপৰত এখনি সজাগতা মূলক সভা অনুষ্ঠিত হয়। মূলত সমগ্ৰ মাজুলীত শুকান জাৱৰৰ ওপৰত ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে কাম কৰা “সাহস মাজুলী টীমে’ প্ৰথম পৰ্যায়ত জিলাখনৰ পাচ খন পঞ্চায়ত ক্ৰমে গড়মূৰ, কমলাবাৰী, চিলাকলা , দক্ষিণ-কমলাবাৰী আৰু পকাজৰা পঞ্চায়তৰ অন্তৰ্গত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে গাঁৱে গাঁৱে গৈ শুকান জাৱৰৰ ওপৰত সজাগতা কাৰণে কাম কৰি গৈছে । অনুষ্ঠানত বিদ্যালয়খনিৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিভিন্ন কাৰ্যপন্থাৰ জড়িয়তে বহু কেইটা অনুষ্ঠান কৰি ছাত্ৰ ছাত্ৰী সকলৰ মাজত ক্ষুদ্ৰ উপহাৰ সাহস-ৰ তৰফৰ পৰা প্ৰদান কৰা হয়।
