মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ হিচাপে সত্ৰখনিৰ ডেকা সত্ৰীয়া চন্দন গোস্বামীক নিৰ্মালি প্ৰদান
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাৰ নামনি মাজুলীৰ ঐতিহ্যমণ্ডিত “শ্ৰীশ্ৰী মাজুলী বৰএলেঙি সত্ৰ”ৰ ষষ্ঠদশ সত্ৰাধিকাৰ হিচাপে আজি সত্ৰখনৰ জ্যেষ্ঠ সত্ৰীয়া চন্দন গোস্বামীয়ে সত্ৰাধিকাৰৰ নিৰ্মালি গ্ৰহণ কৰিলে। আজি দুপৰীয়া বৰ এলেঙি সত্ৰত অনুষ্ঠিত এক আধ্যাত্মিক তথা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চন্দন গোস্বামীক বৰ এলেঙি সত্ৰৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি সত্ৰাধিকাৰৰ নিৰ্মালি প্ৰদান কৰে মাজুলী এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী কমল চন্দ্ৰ মহন্ত আৰু লখিমপুৰ বঙালমৰাৰ শ্ৰীশ্ৰী বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী মন্টু গোস্বামীয়ে। শ্ৰীশ্ৰী মাজুলীৰ বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱানন্দ দেৱ গোস্বামীৰ প্ৰথম বাৰ্ষিক মৃত্যু তিথিতে আজি পৰৱৰ্তী সত্ৰাধিকাৰ হিচাপে চন্দন গোস্বামীয়ে আনুষ্ঠানিকভাৱে দায়িত্ব ভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে সত্ৰখনৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সমাজকৰ্মী ভৱানন্দ দেৱ গোস্বামীৰ ২০২৪ চনৰ ১১ জুলাইত মৃত্যু হোৱাৰ পাছত সত্ৰ খনত সত্ৰাধিকাৰ হিচাপে কাকো মনোনীত কৰা হোৱা নাছিল। সেয়ে, সত্ৰখনৰ জ্যেষ্ঠ সত্ৰীয়া চন্দন গোস্বামীক আজি সত্ৰাধিকাৰৰ নিৰ্মালি প্ৰদান কৰা হয়। এই উপলক্ষে আজি পুৱা সত্ৰখনত ঊষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলনৰ পাছত গছপুলি ৰোপণ কৰে বিশিষ্ট সমাজকৰ্মী ধনাই পামেগামে ।আইসকলৰ নাম কীৰ্তনৰ পাছত প্ৰয়াত সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি ,বন্তি প্ৰজ্বলন আৰু স্মৃতি চাৰণ কৰে যোৰহাট সাউলকুছি সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰণৱ প্ৰাণ গোস্বামীয়ে ।
দুপৰীয়া নাম প্ৰসঙ্গৰ পাছত নৱ নিযুক্ত সত্ৰাধিকাৰ হিচাপে চন্দন গোস্বামীক নিৰ্মালি প্ৰদান কৰা হয় । ডবা, শংখ , খোল তাল, আয়তীৰ উৰুলিৰ মাজত প্ৰথমে চন্দন গোস্বামীক ডেকা সত্ৰাধিকাৰৰ নিৰ্মালি প্ৰদান কৰা হয় আৰু তাৰপিছত মুখ্য সত্ৰাধিকাৰৰ নিৰ্মালি প্ৰদান কৰে । মাজুলীৰ শ্ৰীশ্ৰী এলেঙি নৰসিংহ সত্ৰৰ সত্ৰীয়াসকলে পৰিৱেশন কৰা ৰুক্মীণী হৰণ অংকীয়া নাটৰ গীতেৰে আৰম্ভ হোৱা নিৰ্মালি প্ৰদান অনুষ্ঠানৰ আঁত ধৰে প্ৰবীণ মহন্তই। উক্ত, অনুষ্ঠানত বিশিষ্ট শিল্পী দিব্যজ্যোতি শইকীয়াই এটা বৰগীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে। এই নিৰ্মালি প্ৰদান অনুষ্ঠানৰ মাজুলীৰ এলেঙ্গী বাঁহজেঙনি সত্ৰৰ সত্ৰাধিকাৰ কমল চন্দ্ৰ মহন্ত, এলেঙ্গী নৰসিংহ সত্ৰৰ ডেকা সত্ৰাধিকাৰ জগত চন্দ্ৰ মহন্ত, সত্ৰীয়া প্ৰবীণ মহন্ত, মিত্ৰ দেৱ মহন্ত, অকণ মহন্ত, গণেশ মহন্ত, বিপুল মহন্ত, বঙালমৰা বৰ এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰ হৰি গোস্বামী, মাজুলীৰ বিহিমপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ খগ মহন্ত, আদি বিহিমপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিপিন মহন্ত, বালিচাপৰি বৰ এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰ ইন্দ্ৰকান্ত মহন্ত, যোৰহাট সাউদকুছি সত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰণৱ প্ৰাণ গোস্বামী, দিখৌমুখ বৰ এলেঙ্গী সত্ৰৰ ডেকা সত্ৰাধিকাৰ আদিয়ে অংশগ্ৰহণ কৰে। সত্ৰাধিকাৰৰ নিৰ্মালি গ্ৰহণ কৰি চন্দন গোস্বামীয়ে অনুষ্ঠানত নিজৰ অনুভৱ প্ৰকাশ কৰে আৰু ভৱিষ্যতৰ বাটত ৰাইজৰ আৰ্শীবাদ আৰু সহায় সহযোগ কামনা কৰে । এই নিৰ্মালি প্ৰদান অনুষ্ঠানত সত্ৰখনিৰ অগণন শিষ্য প্ৰশিষ্যয়ে অংশগ্ৰহণ কৰে। মাজুলীৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ ৰংটিজান, দিখৌমুখ , যোৰহাট আদিৰ পৰাও অগণন শিষ্য – প্ৰশিষ্য আহি অনুষ্ঠানটো সাফল্য মণ্ডিত কৰি তোলে। ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মাজুলী বৰ এলেঙি সত্ৰৰ সত্ৰাধিকাৰৰ নিৰ্মালি প্ৰদান অনুষ্ঠানটোত অংশগ্ৰহণ কৰা সকলোকে অভ্যৰ্থনা সমিতিৰ সভাপতি গুণেশ্বৰ গায়ন , সম্পাদক যাদু কলিতাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।