মাজুলীৰ আইদেউ সন্দিকৈ নাটঘৰত ‘পৰীক্ষা পৰ্ব ৬.০’ শীৰ্ষক  অনুষ্ঠান সম্পন্ন

মাজুলীৰ আইদেউ সন্দিকৈ নাটঘৰত ‘পৰীক্ষা পৰ্ব ৬.০’ শীৰ্ষক  অনুষ্ঠান সম্পন্ন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু মাজুলী জিলা শিক্ষা বিভাগৰ উদ্যোগত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘পৰীক্ষা পে চচ্চা’ৰ আৰ্হিৰে উদ্বুদ্ধ হৈ শিশুসকলৰ পৰীক্ষাৰ সময়ছোৱাত মানসিক চাপ বৃদ্ধিৰ সন্দৰ্ভত আজি  পতিয়াগাঁওস্থিত আইদেউ সন্দিকৈ নাটঘৰত ‘পৰীক্ষা পৰ্ব ৬.০’ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰে। মাজুলী জিলাৰ শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত ড০ ভৰত কোঁৱৰে উদ্বোধনী ভাষণ প্ৰদান কৰা অনুষ্ঠানত দুই সমল ব্যক্তি ক্ৰমে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জাহ্নৱী লহকৰ বৰুৱা আৰু মাজুলী জিলা শিশু কল্যাণ সমিতিৰ সদস্য থানুকৃষ্ণ দত্তই দৃশ্য-শ্ৰাব্য মাধ্যমেৰে বিষয়বস্তু সন্দৰ্ভত সকলোকে প্ৰশিক্ষণ প্ৰদান কৰে। মাজুলী জিলাৰ সমূহ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বহুসংখ্যক শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সদস্য, ছাত্র-ছাত্ৰী আদিয়ে প্ৰশিক্ষণত উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰে।