মাজুলীৰ অমৰঘোষ হলি আইলেণ্ড স্কুলৰ এশ শতাংশ উত্তীৰ্ণ
বিকাশ শইকীয়া , মাজুলী ,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ গড়মূৰৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বিদ্যালয় অমৰঘোষ হলি আইলেণ্ড স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত এশ শতাংশ উত্তীৰ্ণ হোৱাৰ গৌৰৱ অৰ্জন কৰিছে। একেৰাহে ষষ্ঠ বাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনে এশ শতাংশ উত্তীৰ্ণ হোৱাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। এইবাৰ বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হোৱা ১৮ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১৮ জনেই উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ ১৮ জন উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ ভিতৰত ১৪ জনে প্ৰথম বিভাগত, ৪ জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। বিদ্যালয়খনৰ চাৰিজন মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ পাবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ এই সন্তোষজনক ফলাফলত বিদ্যালয়ৰ অধ্যক্ষ ভবেন কাকতিয়ে সকলো সন্মানীয় অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীক অভিনন্দন জনাইছে। স্থানীয় ৰাইজে বিদ্যালয়খনৰ এই ফলাফলত সন্তোষ প্ৰকাশ কৰিছে।