মাজুলীলৈ মাজনী – ৱাহিদ আহমেদ

মাজুলীলৈ মাজনী 
ৱাহিদ আহমেদ, কাটাৰ, ডোহা
মাজুলীলৈ আহিবানে তুমি
মাজুলী আহিলে নাৱত উঠিব লাগিব
ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিলে মোৰ ঘৰ পাবা
পিছে নাৱত উঠা অভ্যাস আছে নে তোমাৰ
বাৰিষাৰ পানী দেখি ভয় খাবা নেকি ?
বাৰিষাৰ পানীবোৰ ঢৌ খেলা দেখি
তোমাৰ বুকুখন ঢক ঢক কৰিব যেন লাগিছে
অৰুণাচলৰ পাহাৰীয়া পানী বৈ আহি
মাজুলীৰ বুকুত পৰেহি
তাতে এইকেইদিন যিহে বৰষুণ দি আছে
তুমি আহিবা যে
বৰষুণ জাকেও গম পাইছে দিয়া
ভালপোৱা দিনকেইটা ৰ মৰম স্নেহৰ কথাবোৰ
মনত নাথাকিলেও
মাজুলীলৈ অহাৰ কথা তোমাৰ হৃদয়ৰ
কোনোবা কোণত থাকিবই
মাজুলীৰ পানীৰ সোঁতত নাৱখন
ঢলংপলং কৰিলে মোকো পাহৰি যাবা চাগে
চাবাচোন নাৱখনত কিমান মানুহ
তেনেকৈ অহাযোৱা কৰে
মই মাজুলীৰ বুলি জানিও মোক কিয় ভাল পাইছিলা
মইতো ব্ৰহ্মপুত্ৰ নদীখন পাৰ হৈয়ে
তোমাৰ চহৰখনলৈ আহিছিলোঁ
চহৰখন ভাল পোৱাৰ কথা কওঁতে
আৰু কি ভাল লাগে বুলি সুধিছিলা
মনলৈ আহোঁতে কৈ দিলোঁ তোমাক ভাল লগাৰ কথা
তুমিতো মাজুলীৰ ফেৰীঘাটৰ কথা
আগতে শুনিছা
মাজুলীৰ পাৰঘাটৰ কথা গানতো আছে
তথাপিও মোলৈ মৰমবোৰ ৰাখিছিলা কিয়
কাইলৈ তুমি পুৱা আহিলে প্ৰথম ফেৰীখন পাবা
দহ মান বজাত এৰিব
আজি পানী অলপ বাঢ়িছে
গাওঁবোৰ প্ৰায়েই জলমগ্ন
বহু ঠাইত সংযোগ বিছিন্ন হৈছে
ৰাস্তাবোৰ বোকাৰে লুতুৰিপুতুৰি
তোমাৰ চাদৰমেখেলা যোৰত দাগ লাগিলে
মোক খঙ নকৰিবা আগতীয়াকৈ কৈ দিলোঁ দেই
কাইলৈ তোমাৰ অভিজ্ঞতাৰ
সীমনাত ৰৈ যাব মোৰ স্মৃতিবোৰ
একো নাই দিয়া
প্ৰেমৰ বাবে এই ব্ৰহ্মপুত্ৰ
হিয়াৰ মাজৰে যেন এটি যোগসূত্ৰ ৷