মাজুলীত ৰাস চাই আপ্লুত অসম সত্ৰ মহাসভা

মাজুলীত ৰাস চাই আপ্লুত অসম সত্ৰ মহাসভা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তৰ নেতৃত্বত মহাসভাৰ এটি সজাতি দলে সত্ৰ নগৰী মাজুলীত চলি থকা কেইবাখনো ৰাস উপভোগ কৰি আপ্লুত হোৱা বুলি জানিবলৈ দিছে। লগতে মহাসভাই উদোক্ত্বাসকলক আন্তৰিক কৃতজ্ঞতা আৰু শলাগ লৈছে। এক বাৰ্তাত প্ৰধান সম্পাদক জনে নিজৰ মন্তব্য ব্যক্ত কৰি কয় যে বিশেষকৈ কেইবাখনো ৰাসত মাজুলীৰ মিচিং জনগোষ্ঠীৰ শিল্পী সকলে ৰাসৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰি প্ৰকৃতাৰ্থত সেই সকলৰ মাজত সত্ৰীয়া সংস্কৃতিৰ ৰূপৰেখা কোনো বহিৰাগত শক্তিৰ প্ৰৰোচনাই ব্যাহত কৰিব পৰা নাই। এইসকল মিচিং জনগোষ্ঠীৰ অভিনয় সত্ৰীয়া সংস্কৃতিৰ সমন্বয়ৰ প্ৰতীক বুলি আত্মতুষ্টি লাভ কৰে প্ৰধান সম্পাদক জনে। কেইবাখনো ৰাসস্থলীত মিচিং জনজাতীয় শিল্পী সকলক মহাসভাই উষ্ম আদৰণি জনাই আশীষ প্ৰদান কৰে বুলিও জানিবলৈ দিয়ে।