মাজুলীত ” সাতসৰী”ৰ উদ্যোগত মহিলাক স্বাৱলম্বী কৰাৰ লগতে লোক সংস্কৃতি প্ৰসাৰৰ প্ৰচেষ্টা

মাজুলীত ” সাতসৰী”ৰ উদ্যোগত মহিলাক স্বাৱলম্বী কৰাৰ লগতে লোক সংস্কৃতি প্ৰসাৰৰ প্ৰচেষ্টা ;

” মাজুলী সাতসৰী আশাপূৰ্ণা সমিতি”  গঠন ;

নামনি মাজুলীত সাতসৰী”ৰ সাংগঠনিক অনুষ্ঠান:

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মহিলাৰ কল্যাণমূলক, সমাজ-সংস্কৃতিৰ ৰাজ্যিক অনুষ্ঠান “সাতসৰী” ৰ এখন গুৰুত্বপূৰ্ণ সাংগঠনিক সভা আজি মাজুলী জিলাৰ নামনি মাজুলীৰ গোৱালগাঁও শাস্ত্ৰী আদৰ্শ পুথিভঁৰালত অনুষ্ঠিত হয়। আজি দুপৰীয়া অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানত সাতসৰী সামাজিক আৰু সাংস্কৃতিক উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী প্ৰিয় নাৰী ড০ মন্দিৰা বৰুৱাই অংশগ্ৰহণ কৰে। নামনি মাজুলীৰ বিশিষ্ট মহিলা সংগঠক শিখা ভূঞা মূদৈয়ে আঁত ধৰা উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে ড০ মন্দিৰা বৰুৱাই । নিজৰ ভাষনত ড০ মন্দিৰা বৰুৱাই  মহিলা সকল কি দৰে স্বাৱলম্বী হ’ব পাৰে আৰু ভবিষ্যত প্ৰজন্মক শিক্ষা আৰু সাংস্কৃতিক দিশত কেনেকৈ আগবঢ়াই  নিব পাৰি সেই বিষয়ে বক্তব্য ৰাখে । তেওঁ অসমৰ আপুৰুগীয়া সম্পদ বিয়ানাম দিহানামৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দি ৰাজ্যৰ ভিতৰত সাতসৰীয়ে বহুতো পদক্ষেপ গ্ৰহণ কৰি আছে বুলি উল্লেখ কৰে। ২০০২ চনত প্ৰতিষ্ঠিত সাতসৰীয়ে বৰ্তমান ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মহিলা উদ্যমিতা বৃদ্ধি কৰি পাছপৰা মহিলা সকলক স্বাৱলম্বী কৰাৰ বিভিন্ন পদক্ষেপ সভাত উল্লেখ কৰে। আৰ্থিকভাৱে দুৰ্বল মহিলাৰ কল্যাণমূলক আঁচনি সন্দৰ্ভতো তেওঁ ব্যাখ্যা আগবঢ়ায়।

সাতসৰী”ৰ উক্ত সাংগঠনিক সভাতেই ” মাজুলী সাতসৰী আশাপূৰ্ণা সমিতি” নামেৰে  গোৱালগাঁও সমিতিখন গঠন কৰা হয়। উক্ত সমিতিত

সভানেত্ৰী হিচাপে- গায়ত্ৰী বৰা হাজৰিকা,

উপ সভানেত্ৰী – পুষ্প মুদৈ

সম্পাদিকা – শিখা ভূঞা মূদৈ

সহ সম্পাদিকা -বৰ্ণালী বৰা হাজৰিকা,অঞ্জু বৰা

ৰূপৰেখা বৰুৱা, সংঘামিত্ৰা চাংমাই হাজৰিকা,

কোষাধ্যক্ষা – পম্পী বৰা

সাংস্কৃতিক সম্পাদিকা – জুৰি মুদৈ আৰু

সদস্যা হিচাপে – মিনাক্ষী বৰুৱা, অনিমা হাজৰিকা, ৰিজু বৰা, নমিতা হাজৰিকা বৰা, মৰমী বৰা, ৰিংকুমনি হাজৰিকা আৰু জিনা হাজৰিকাক মনোনীত কৰা হয়। ৰাজ্যিক সাতসৰীৰ উদ্যোগত আজি গঠন কৰা উক্ত “মাজুলী সাতসৰী আশাপূৰ্ণা সমিতি”য়ে  আজিৰ পৰা সক্ৰিয় ভাৱে মহিলাৰ স্বাৱলম্বীৰ পথ, বিভিন্ন কল্যাণমূলক কাম আৰু সমাজ-সংস্কৃতিৰ কামসমূহো মাজুলীত কৰি তুলিব বুলি সম্পাদিকা শিখা ভূঞা মূদৈয়ে জানিবলৈ দিছে।