মাজুলীত সাংবাদিকৰ পুত্ৰৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসী
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাজুলীৰ জেষ্ঠ সাংবাদিক তথা আপকুৰ কেন্দ্ৰীয় উপসভাপতি জীৱন বৰুৱা আৰু মল্লিকা বৰুৱাৰ সুযোগ্য সন্তান নবাৰুণ বৰুৱাই কমলাবাৰীস্হিত আইলেণ্ড একাডেমীৰ পৰা ৯৩.৮৩ শতাংশ নম্বৰেৰে ডিষ্টিংচন সহ উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে । নবাৰুণ বৰুৱাই ইংৰাজী -৯৯, সাধাৰণ গনিত -৯২ , সমাজ বিজ্ঞান ত- ৯৭, সাধাৰণ বিজ্ঞান ত – ৮৭, অসমীয়া – ৯৫ , আৰু ঐচ্ছিক গণিত বিষয়ত ৯৩ নম্বৰেৰে সৰ্বমুঠ ৫৬৩ নম্বৰ লাভ কৰে। মেধাৱী ছাত্ৰ নবাৰুণ বৰুৱাৰ এই সাফল্যত অঞ্চলবাসী ৰাইজৰ লগতে আপকু মাজুলী জিলা সমিতি, সদৌ মাজুলী জিলা ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা , মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেবজিত শইকীয়া , গড়মূৰ আঞ্চলিক ছাত্ৰ সন্থা , মাজুলী-ডায়েৰী পৰিয়াল আদিয়ে অভিনন্দন জনাই। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নবাৰুণ বৰুৱাৰ মাজুলীৰ আলিছিগা ৰ বাসগৃহত আজি আপকু মাজুলী জিলা সমিতিৰ সভাপতি জ্যোতিষ কুমাৰ তামুলী , সম্পাদক ভাস্কৰ বৰা, জেষ্ঠ সাংবাদিক পদ্মধৰ কলিতা , সংবাদ কৰ্মী সঞ্জিত শইকীয়াৰ আৰু পাৰ্থ প্ৰতিম দত্ত উপস্থিত হৈ ছাত্ৰ জনক সম্বৰ্ধনা জ্ঞাপন কৰে।