মাজুলীত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান ‘চোতাল’ সম্পন্ন

মাজুলীত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় অনুষ্ঠান ‘চোতাল’ সম্পন্ন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত  কবি ইন্দুলেখা হাজৰিকা আৰু সৰ্বেশ্বৰ হাজৰিকাৰ আতিথ্যত মাজুলী হাজৰিকা গাঁৱৰ নিবাসী সৰ্বেশ্বৰ হাজৰিকাৰ বাসগৃহৰ চোতালত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী ‘চোতাল’ অনুষ্ঠানটি অনুষ্ঠিত হয়। লোকশিল্পী ৰুণু হাজৰিকাই পৰিৱেশন কৰা এটি বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটি সঞ্চালনা কৰে মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকাই। মাজুলী জিলা কবি সন্মিলনৰ সাধাৰণ সম্পাদক শ্যামন্ত পায়েঙে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট কবি তথা ভাষাবিদ ডিম্বেশ্বৰ ভূঞাই। ইয়াৰ পিছতে ইন্দুলেখা হাজৰিকা‌ই আদৰণি ভাষণ পাঠ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সম্পাদক দ্বীপ হেষ্টিংছ বৰি আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সূৰ্য কুমাৰ বনিয়া। মাজুলী জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদক লক্ষ্মী নাৰায়ণ শৰ্মাই আঁত ধৰা অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ তৰফে কৃতজ্ঞতা পত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানত মাজুলী জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তথা মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শ‌ইকীয়াৰ কথা আৰু কবিতাৰে শুভাৰম্ভ কবিতা পাঠৰ অনুষ্ঠানটিত পঠিত কবিতাসমূহৰ সম্পৰ্কত মন্তব্য প্ৰদান কৰে ক্ৰমে বিশিষ্ট কবি কেশৱ দলে আৰু কৃষ্ণা মেধি হাজৰিকা‌ই। অনুষ্ঠানটিত অসমৰ বিশিষ্ট কবি নিপণ লইং, লক্ষী প্ৰসাদ ৰেগন, জয়ন্ত শ‌ইকীয়া, ধ্ৰুৱজ্যোতি বৰা, সৰযু দত্ত বৰুৱা, কুশল হাজৰিকা, জ্যোতি ভূঞা, ৰেখা বৰা, দৰ্শনা দাস, দিগন্ত শইকীয়া, কবিতা শইকীয়া হাজৰিকা, পম্পী হাজৰিকা, পপী দাস, গৌতম দাস, বিদ্যামোহন য়েইন, জ্যোস্না ভূঞা দত্ত, স্বৰ্ণ মুদৈ, কৌশল্যা বায়ন হাজৰিকা, অতুল চন্দ্ৰ বৰা, কেশৱ দলে, ডিম্বেশ্বৰ ভূঞা, যতীন্দ্ৰ নাথ মুদৈ, কৃষ্ণা মেধি, অমিয়া দেৱী বৰঠাকুৰ, পাৰুল বৰা মিলি,গজেন নৰহ, ৰিতা শইকীয়া, অনন্ত ঙাটে, লক্ষীন্দ্ৰ দাস, শ্যামন্ত পায়েং প্ৰমুখ্যে প্ৰায় পঞ্চাশগৰাকী কবিয়ে কবিতা পাঠ কৰে। কণমানি ছাত্ৰী পৰীশিখা শ‌ইকীয়াৰ কবিতা আবৃত্তি, শিখামণি কাকতি, জ্যোৎস্না ভূঞা দত্ত আৰু ৰুণু হাজৰিকাৰ গীত পৰিৱেশনে অনুষ্ঠানটিক সুকীয়া মাত্ৰা প্ৰদান কৰে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক শ্যামন্ত পায়েঙে।