মাজুলীত মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন

মাজুলীত মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-   মাজুলী জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত, মাজুলী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ সহযোগত হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০২৪ ত মাজুলী জিলাৰ প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ পৰা ডিষ্টিংচন নম্বৰসহ উত্তীৰ্ণ হোৱা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা, ২০২৪ ত কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমুখী শাখাত জিলাখনৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা কৃতীমান ছাত্র-ছাত্ৰীসকলকে ধৰি সৰ্বমুঠ ৩১ গৰাকী মেধাৱী শিক্ষাৰ্থীক আজি কঢ়ালগাঁও বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এখনি সভাত গামোচা আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী ৰাজশ্ৰী ভূঞাই পৰিৱেশন কৰা এটি বৰগীতেৰে শুভাৰম্ভ হোৱা সভাখনিত মাজুলী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক সংগীতা বৰুৱাই কৃতীমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু অনাগত দিনত সু-নাগৰিক হৈ দেশ, জাতি আৰু সমাজৰ বাবে কাম কৰি যোৱাৰ কামনা কৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০২৪ ত অসমৰ ভিতৰতে তৃতীয় স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা মানস প্ৰতীম শ‌ইকীয়াই সম্বৰ্ধনা গ্ৰহণ কৰি অনুজ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুপ্ৰেৰণামূলক বক্তব্য প্ৰদান কৰে। কঢ়ালগাঁও বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ মাণ্ডলিক নগৰীয়াৰ কেইবাটাও প্ৰশ্নৰ উত্তৰ দি মেধাৱী ছাত্ৰজনে সভাত উপস্থিত ছাত্র-ছাত্ৰীসকলৰ লগত মত বিনিময় কৰে। একেদৰে কৃতীমান ছাত্ৰ-ছাত্ৰী ক্ৰমে বৰ্ণালী হাজৰিকা, ৰমেন বে’ আদিয়েও সভাত বক্তব্য প্ৰদান কৰে। অভিভাৱকৰ হৈ নৰেন শ‌ইকীয়া, দিলিপ ভূঞা আদিয়ে ধন্যবাদসূচক বক্তব্য ৰাখে। মাজুলী জিলা অধিবিদ্যা পৰিষদৰ সচিব অজিত নাথ আৰু কঢ়ালগাঁও বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কুলৰঞ্জন বৰাই কৃতজ্ঞতাসূচক বক্তব্য প্ৰদান কৰে। আজিৰ সভাত মাজুলী জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি পদুম মহন্তকে ধৰি বহুকেইখন বিদ্যালয়ৰ বিদ্যালয় প্ৰধান, সহকাৰী শিক্ষক আৰু অন্যান্য শিক্ষানুৰাগী ৰাইজে অংশগ্ৰহণ কৰে।