মাজুলীত ভগ্ন মাথাউৰী  অংশ পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই

মাজুলীত ভগ্ন মাথাউৰী  অংশ পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ; ১০ পৰা ১৫ দিনৰ ভিতৰতে মেগা টিউৱেৰে চিগা অংশ নিৰ্মাণৰ নিৰ্দেশ বিভাগৰ বিষয়াক 
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ সাম্প্ৰতিক বান পৰিস্থিতি বুজ লবলৈ আজি পুৱাৰ ভাগত  এখন বিশেষ হেলি কপ্টাৰেৰে মাজুলীৰ জিলা সদৰ গড়মূস্হিত কছাৰী মৈদানত অৱতৰণ কৰে অসম চৰকাৰৰ  জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই । গড়মূৰ কছাৰী মৈদানত অৱতৰণ কৰিয়েই মন্ত্ৰী গৰাকী পোনে পোনে আউনীআটী সত্ৰৰ সমীপৰ জুগুনীধাৰী অঞ্চলত  প্ৰলয়ংকাৰী বানে যোৱা ১ জুলাইৰ সন্ধ্যা মথাউৰী ভাঙি এক আতংকময় পৰিবেশ বিৰাজ কৰা চিগা মথাউৰী অংশ পৰিদৰ্শন কৰে আৰু স্ব-জমিন তদন্ত কৰি পৰিস্থিতি বুজে লয়। চিগা অংশ পৰিদৰ্শন স্থানতে মন্ত্ৰী গৰাকীয়ে  স্থানীয় ৰাইজৰ পৰা ৰাইজৰ আপত্তি বিপত্তি ,পৰামৰ্শ আদি গ্ৰহণ কৰি মত বিনিময় কৰি সংবাদ মাধ্যমৰ আগত কয় – মোক মুখ্যমন্ত্ৰীয়ে কালিয়েই পঠাইছিল। বতৰ বেয়া কাৰণে আহিব নোৱাৰিলোঁ । মন্ত্ৰী গৰাকীয়ে উক্ত স্থানত উপস্থিত ৰাইজৰ সাক্ষাৎত জল সম্পদ বিভাগৰ মুখ্য অভিযন্তাক ১০পৰা ১৫ দিনৰ ভিতৰতে ৮ টাকৈ  মেগা টিউৱেৰে  চিগা অংশ নিৰ্মাণ কৰিবলৈ  নিৰ্দেশ প্ৰদান কৰি মাজুলীৰ ৰাইজক আগন্তুক বানে যাতে অধিক অনিষ্ট কৰিব নোৱাৰে তাৰবাবে  অহা কাইলৈৰ পৰাই কাম আৰম্ভ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । মন্ত্ৰী গৰাকীয়ে বানত ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাৰ সদস্য সকলক সাক্ষাৎ কৰাৰ লগতে তেখেত সকলৰ দুখত সমভাগী হয় আৰু সম্পূৰ্ণ ৰূপে  ক্ষতিগ্ৰস্ত পৰিয়াল কেইটাই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা তাৎক্ষণিক ভাৱে ১লাখ ২০ হাজাৰকৈ টকা আৰু আংশিক  ক্ষতিগ্ৰস্ত সকলেও  সাহায্য পোৱাৰ উপৰিও এই বানত ক্ষতিগ্ৰস্ত মাজুলীৰ ৰাইজক অহা ১০ দিনৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ কথা উল্লেখ কৰে  । সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, মাজুলীৰ চাৰিওফালে পানী। তেনে অৱস্থাত কোন ক’ত দৌৰিছে সেই কথাও চাব লাগিব। এনে মুহূৰ্তত  মানুহৰ সহযোগিতা লাগিবই। কিন্তু মই এটা কথা আপোনালোকক দেখুৱাব বিচাৰো ৰাতি ডেৰ বজালৈকে জল সম্পদ বিভাগৰ অভিযন্তা ,কৰ্মীয়ে মথাউৰী নিৰীক্ষণ কৰিছে। কৰবাত কেতিয়াবা এনে এটা ভুল হব পাৰে ,কিন্তু মই নাভাবো ইচ্ছাকৃত ভাবে কৰিছে। মন্ত্ৰী গৰাকীয়ে কয় ,আমাৰ গোটেই প্রচেষ্টাটো হ’ল মথাউৰী ৰক্ষা কৰা। মই কৃতিত্ব দাবী কৰা নাই । ১৯৯১ চনৰ পানীৰ অভিলেখ ভাঙি ২০০৪ চনৰ বানত যিমানবোৰ মাথাউৰী ভাঙিলে সেই তুলনাত বৰ্তমান মাত্ৰ ৫ টা চিগা সমগ্ৰ অসমত হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে । বানত ঘৰ বাৰী হেৰুৱাই , পানীৰ মাজত আবদ্ধ হৈ দুৰ্বিসহ জীৱন অতিবাহিত কৰা এই দুৰ্যোগৰ মাজতে  মাজুলীৰ ৰাইজক এটা ভাল খৱৰ দিয়ে মন্ত্ৰী গৰাকীয়ে । তেওঁ কয় , বাৰিষাৰ পাছতেই ৪০ কোটি টকাৰ ব্যয় সাপেক্ষে ১২ ৰ পৰা ১৭ কিলোমিটাৰ দৈৰ্ঘৰ লুইত- খাবলু অঞ্চলত এটা মথাউৰি নিৰ্মাণ কৰিব জলসম্পদ বিভাগে । মাজুলী জল সম্পদ বিভাগৰ মজুত সামগ্ৰীৰ সন্দৰ্ভত সোধা আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয়, সামগ্ৰীৰ একো অভাৱ নাই। অলপ কাৰিকৰী ইচ্ছু আছে । জি অ’ বেগ, চেণ্ড, বেগৰ অসুবিধা নাই। কিন্তু মাটিৰ কেতিয়াবা অসুবিধা হয় । ইয়াৰ পৰা ত্ৰিশ কিলোমিটাৰ দূৰত মথাউৰী ভাঙিলে সেইটো প্ৰেক্টিকেল  নহয়। তথাপিও আপোনালোকে এইটো কৰিবলৈ পৰামৰ্শ দিছে মই চেষ্টা কৰিম বুলি কয় । ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে মাজুলীৰ চুমৈমাৰী ,কঢ়াল গাওঁ আদি অঞ্চলৰ মথাউৰী পৰিদৰ্শন কৰি জল সম্পদ বিভাগক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । তাৰ পাছত মন্ত্ৰী গৰাকী গড়মূৰলৈ উভতি আহি দুপৰীয়া ১ বজাত হেলি কপ্টাৰেৰে মাজুলীৰ পৰা ৰাওনা হয়।