মাজুলীত বেটি বচাও বেটি পঢ়াও আচঁনিৰ অধীনত বাল্য বিবাহ মুক্ত মাজুলী শীৰ্ষক সজাগত সভা সম্পন্ন

মাজুলীত বেটি বচাও বেটি পঢ়াও আচঁনিৰ অধীনত বাল্য বিবাহ মুক্ত মাজুলী শীৰ্ষক সজাগত সভা সম্পন্ন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী জিলাক বাল্য বিবাহ মুক্ত কৰাৰ মানসেৰে বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত, মহিলা আৰু শিশু বিকাশ বিভাগ, মাজুলী জিলা প্ৰশাসন  আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত জিলা আইন সেৱা প্ৰাধিকৰণ মাজুলী,স্বাস্থ্য আৰু শিক্ষা বিভাগ, অসম গ্ৰামীণ জীৱিকা নিৰ্বাহ অভিযান, Independent Thought (UNICEF) আৰু NEADS সহযোগত বাল্য বিবাহ মুক্ত মাজুলী (০১ আগষ্ট – ৩১আগষ্ট ২০২৫) অভিযানৰ শুভাৰম্ভণি অনুষ্ঠান শুকুৰবাৰে উজনি মাজুলীৰ  নামনি লাচন গাঁৱৰ ৰঙ্গমঞ্চত অনুস্থিত হয়।

উক্ত সভাত  জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সন্দীপ কৌশিক, অতিৰিক্ত আৰক্ষী অধীক্ষক  ৰাজশ্ৰী ধাণ্ডিয়া ,সহকাৰী আয়ুক্ত সীমান্ত বৰগোঁহাই, জিলা সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰী, শিশু উন্নয়ন প্ৰকল্প বিষয়া জ্যোতিষ দত্ত, উপ আইনী প্ৰতিৰক্ষা অধিবক্তা বুদ্ধেশ্বৰ পামেগাম, স্বাস্থ্য আৰু শিক্ষা বিভাগৰ বিষয়-ববীয়া, অসম গ্ৰামীণ জীৱিকা নিৰ্বাহ অভিযান কৰ্মচাৰী, জিলা শিশু সুৰক্ষা গোটৰ কৰ্মচাৰী, সংবাদকৰ্মী,  টি.এম.পি.কে, এম.এম.কে কৰ্মকৰ্তা, নীডছৰ কৰ্মচাৰী, মুখ্য সেৱিকা, অংগনৱাদী কৰ্মী,আত্ম সহায়ক গোটৰ সদস্য, স্থানীয় ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰী সকল  উপস্থিত থাকে।এই সভাতে বাল্য বিবাহ মুক্ত মাজুলী  অভিযানৰ লগত সংগতি ৰাখি এটি সজাগতামূলক গীত “বাল্য বিবাহ মুক্ত মাজুলী “মুকলি কৰা হয়। থানুকৃষ্ণ দত্তৰ কথা আৰু সুৰেৰে প্ৰস্তুত  কৰা গীতটিত কণ্ঠদান কৰিছে বৰ্ষাৰাণী দত্তই।