মাজুলীত বেটি বচাও বেটি পঢ়াও আঁচনিৰ” অধীনত ১৬ দিনীয়া লিংগ ভিত্তিক হিংসাত্মক ঘটনা দূৰীকৰণ অভিযান
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সংকল্প: জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ, মহিলা আৰু শিশু বিকাশ বিভাগ মাজুলীৰ উদ্যোগত, “বেটি বচাও বেটি পঢ়াও আঁচনিৰ” অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মাজুলীৰ সহযোগত ১৬ দিনীয়া লিংগ ভিত্তিক হিংসাত্মক ঘটনা দূৰীকৰণ অভিযানৰ অংশৰূপে আজি জিলা আয়ুক্তৰ কার্যালয়ৰ কনফাৰেন্স হলত এখনি পর্যালোচনা সভা অনুস্থিত হয়। সভা খনিত অতিৰিক্ত জিলা আয়ুক্ত তৰালী দাস, সহকাৰী আয়ুক্ত সংগীতা বৰুৱা, জিলা সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰী আৰু জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। সভাত মিছন শক্তিৰ বিভিন্ন উপাদান সমূহৰ বিষয়ে অৱগত কৰাৰ লগতে অনাগত দিনত কি কি পৰিকল্পনা হাতত ল’ব তাৰ ওপৰত সকলোৱে নিজৰ মতামত আগবঢ়াই। সভাখনি আঁত ধৰে সংকল্প: জিলা সৱলীকৰণ কেন্দ্ৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা মিছন সমন্বয়ক কুকি বৰুৱাই।