মাজুলীত পথ সুৰক্ষাৰ সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন

মাজুলীত পথ সুৰক্ষাৰ সজাগতাৰ বাবে বাটৰ নাট প্ৰদৰ্শন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী জিলা পৰিবহণ বিভাগে পথ সুৰক্ষা সমিতিৰ সহযোগত গাড়ী চালকসকলৰ সজাগতাৰ বাবে  আজি গড়মূৰ তিনি আলিত এখনি বাটৰ নাট প্ৰদৰ্শন কৰে। মাজুলী জিলা পৰিবহণ বিভাগে প্ৰত্যেক বছৰে পালন কৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ দৰে এইবছৰ মাহজোৰা কাৰ্যসূচীৰে পালন কৰিছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ-২০২৪। যোৱা জানুৱাৰী ১৫ তাৰিখৰ পৰা ফেব্ৰুৱাৰী ১৪ তাৰিখলৈকে মাহজুৰি মাজুলীৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। সেই উপলক্ষত মাজুলীৰ সদৰ গড়মূৰ তিনিআলিত দিনৰ ১২ বজাত প্ৰদৰ্শন কৰা  বাটৰ নাটখনিৰ জৰিয়তে পথ সুৰক্ষা আৰু যান বাহনৰ আইন মানি চলিবলৈ ৰাইজক সজাগ কৰে।উল্লেখযোগ্য , ইতিপূৰ্বে বিভাগৰ তৰফৰ পৰা এখন বাহনত অনুভাষ যন্ত্ৰৰ সহায়ত দৈনিক  পথ সুৰক্ষা নিয়ম মানি চলি দূৰ্ঘটনা ৰোধ কৰি জীৱন ,সম্পদ সুৰক্ষা কৰিবলৈ প্ৰচাৰ কৰি আহিছে।