মাজুলীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বিকাশ উপাধ্যায়ৰ উপস্থিতিত জিলা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

মাজুলীত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক বিকাশ উপাধ্যায়ৰ উপস্থিতিত জিলা কংগ্ৰেছৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- গড়মূৰস্থিত মাধৱদেৱ কৃষ্টি সংঘত মাজুলী জিলা কংগ্ৰেছৰ সভাপতি কোষেশ্বৰ বৰাৰ সভাপতিত্বত জিলা কংগ্ৰেছৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সহ: তত্ত্বাৱধায়ক বিকাশ উপাধ্যায় মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনিৰ আঁত ধৰে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিনমনি দত্তই। আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা আজিৰ সাংগঠনিক সভাখনত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত সাংগঠনিক বক্তব্য আগবঢ়াই মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি লক্ষ্য গায়ন আৰু উজনি মাজুলী ব্লক কংগ্ৰেছৰ সভাপতি মহেন্দ্ৰ শইকীয়াই। ইয়াৰ পিছতে মাজুলী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কমলালক্ষী পগাগ, জিলা যুৱ কংগ্ৰেছৰ সভাপতি টিংকু পাটিৰ, সেৱাদলৰ জিলা সভাপতি জয়ন্ত মিলি আৰু এন.এছ.ইউ.আইৰ জিলা সভাপতি অমিয় পগাগে সাংগঠনিক দিশত গঠন মূলক বক্তব্য আগবঢ়াই। সভাত আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু সাংগঠনিক দিশত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক বিষ্ণুকমল পায়েং, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা মাজুলী জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক মেঘনাথ চেত্ৰী , অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা মাজুলী জিলা কংগ্ৰেছৰ নৱ নিযুক্ত তত্ত্বাৱধায়ক লক্ষীনাথ সন্দিকৈ আদিৰ লগতে মুখ্য অতিথি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায়ে বক্তব্য আগবঢ়াই। তেখেত লোকে প্ৰধানকৈ বিজেপি ৰ মিথ্যাচাৰৰ লগতে জনবিৰোধী নীতি আৰু দুখীয়া জনতাক ভাতে মৰাৰ কামবোৰ ৰোধ কৰিবৰ বাবে আগন্তুক পঞ্চায়ত নিৰ্বাচনত দলীয়  প্ৰাৰ্থীক জয়যুক্ত কৰাৰ উদ্দেশ্যে  ভোটাৰক সততাৰ মাজেৰে কেনেকৈ মন জয় কৰিব, দলীয় প্ৰাৰ্থী কেনেদৰে নিৰ্বাচন কৰিব, প্ৰতি ঘৰ মানুহৰ ঘৰত প্ৰাৰ্থী সকল গৈ বিজেপিয়ে যে জনতাৰ মঙ্গলৰ পৰিবৰ্তে কেৱল নিজৰ লাভৰ অংকতহে কাম কৰিছে… এই কথাবোৰ ৰাইজক কেনেদৰে জনাব আদি বিষয়ৰ ওপৰত বক্তব্য আগবঢ়াই।

সভাত এপিচিচি সাধাৰণ সম্পাদক ৰৌচন ৰাজ চেত্ৰী, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সমন্বয়ক জিৎ শৰ্মা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি আনন্দ নৰহ, এছ.চি চেলৰ ৰাজ্যিক অধ্যক্ষা কৃষ্ণা দাস, জিলা অধ্যক্ষ থানুৰাম দাস,মহিলা কংগ্ৰেছৰ ৰাজ্যিক উপ সভানেত্ৰী গীতাঞ্জলি বৰা .এছ.ইউ.আইৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰিংকু পায়েং, গোলাঘাট জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, দুয়োটা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী ক্ৰমে দিপা দাস আৰু স্বপ্না পেগু, জিলা কংগ্ৰেছৰ প্ৰশাসানিক সাধাৰণ সম্পাদক দেৱকান্ত দাস, উপ সভাপতি ক্ৰমে ৰামেশ্বৰ দলে, কালিৰাম কুলি ,জীৱন দলে, অমল পূজাৰী, ৰানা পাংগিং আৰু প্ৰদীপ পেগু, সামাজিক মাধ্যমৰ অধ্যক্ষ জীৱেশ্বৰ গাম, ব্লক কংগ্ৰেছৰ উপসভাপতি পুলিন বৰা, প্ৰশাসনীক সাধাৰণ সম্পাদক বিজিত গাম, সাংগঠনিক সম্পাদক ৰাজদ্বীপ পায়েং আৰু দিপেন ভঁড়ালী , উজনি মাজুলী ব্লক কংগ্ৰেছৰ উপ সভাপতি শুভাষ পাতিৰ, অমিত বৰা, প্ৰশাসনীক সাধাৰণ সম্পাদক জিতুমন বৰা , সাংগঠনিক সম্পাদক দেৱৰাজ দেউৰী , বিভিন্ন বিভাগ, কোষ আৰু সংগঠনৰ বিষয়ববীয়াসকল, মণ্ডল কংগ্ৰেছৰ সভাপতি সকল আৰু বিষয়ববীয়াসকল, জিলা- ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, মহিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল আদি উপস্থিত থাকে। সভাত সাংগঠনিক দিশত  মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু ৱাৰ্ড কমিটীৰ সভাপতি সকলেও বক্তব্য আগবঢ়াই।