মাজুলীত ছাত্ৰ ছাত্ৰী মাজত বঁটা বিতৰণ কৰিলে জিলা খনৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে সোমবাৰে মাজুলী জিলাতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ প্ৰাপ্ত ছাত্র-ছাত্রীক “আনন্দৰাম বৰুৱা বঁটা” , প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ আৰু নৱম মান শ্ৰেণীত অধ্যয়নৰত ছাত্র-ছাত্রীক চাইকেল প্ৰদানৰ আনুষ্ঠানিক বিতৰণ কাৰ্যসূচী উত্তৰ কমলাবাৰী সত্ৰৰ শংকৰদেৱ কৃষ্টি সংঘৰ মুকলি প্ৰেক্ষাগৃহ অনুষ্ঠিত হয়। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী তথা জিলা খনৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে স্হানীয় বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ নিৰোদ বৰুৱা , মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়া, জিলা অতিৰিক্ত আয়ুক্ত , সহকাৰী আয়ুক্ত সকল , বঁটা প্ৰাপক ছাত্ৰ ছাত্ৰী সকল , বিদ্যালয় শিক্ষাগুৰু সকলৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি।
নিজৰ ভাষণত মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে উল্লেখ কৰে অহা বৰ্ষৰ পৰা ৮০% নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰী সকলেহে লাভ কৰিব ড০ বাণীকান্ত কাকতি মেধা বঁটা। নতুনকৈ প্ৰতিখন হাইস্কুলত নিযুক্তি দিব এজনকৈ বিশেষ গণিতৰ শিক্ষক। ২০২৫ চনৰ পৰা প্ৰতিখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰিব ডিজিটেল ক্লাছ ৰুম।
জিলাখনত এই বৰ্ষত আনন্দৰাম বৰুৱা বঁটা ১৫১ জন ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰাৰ বিপৰীতে ড০ বাণীকান্ত কাকতি মেধা বঁটা ২৯৩ জন ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছে । জিলা খনৰ ৭৩ খন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত ২৬৮৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে লাভ কৰে বিনামূলীয়া চাইকেল।