মাজুলীত ‘গ্ৰীণ এণ্ড গ্ৰ’ অধ্যয়ন কেন্দ্ৰৰ দ্বাৰ মুকলি
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলী কমলাবাৰীৰ মহাবিদ্যালয় পথত ‘গ্ৰীণ এণ্ড গ্ৰ’ নামৰ এক অধ্যয়ন কেন্দ্ৰ দ্বাৰ মুকলি কৰা হয়। মহাবিদ্যালয় পথ নিৱাসী ৰঞ্জিত বৰুৱাৰ বাসগৃহ চৌহদত অদিতি বৰুৱা আৰু দেৱাৰ্শীষ শইকীয়াৰ উদ্যোগত আৰম্ভ কৰিবলৈ লোৱা অধ্যয়ন কেন্দ্ৰটো বন্তি প্ৰজ্বলন কৰি দ্বাৰ উদ্ঘাটন কৰে মাজুলীৰ প্ৰথম উচ্চ শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। এই উদ্দেশ্যে আয়োজিত সভাত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনোৱাৰ লগতে অংগ বস্ত্ৰেৰে সম্ভাষণ জনায় জ্যোতি ফুকনে। অধ্যয়ন কেন্দ্ৰটোৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে সকলোকে অৱগত কৰে আহ্বায়িকা অদিতি বৰুৱাই। কেন্দ্ৰটো উদ্বোধন কৰি দিয়া ভাষণত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই অধ্যয়ন কেন্দ্ৰটোৰ পৰা মাজুলীৰ দুখীয়া ছাত্ৰ-ছাত্ৰীসকল বিশেষভাৱে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জগতজ্যোতি সাতোলা, অৱসৰী উপাধ্যক্ষ ভৰত শইকীয়া, আইলেণ্ড একাডেমি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পূৰ্বজ্যোতি বৰা, দৰিয়া উত্তৰ কমলাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক যোগেন চন্দ্ৰ শইকীয়া, অৱসৰী খণ্ড উন্নয়ন বিষয়া জীৱেশ্বৰী বৰুৱা বৰা, সমাজকৰ্মী সূৰ্য কুমাৰ ভূঞা, অৱসৰী শিক্ষক ৰঞ্জিত বৰুৱা, অধ্যাপিকা প্ৰজ্ঞা পাৰমিতা কৌশিক, সহকাৰী গাণনিক বিষয়া মাধূৰ্য দাস, কল্পজিৎ হাজৰিকা আদিয়ে অধ্যয়ন কেন্দ্ৰটোৱে ইচ্ছুক শিক্ষাৰ্থীক সহায় কৰিব বুলি আশা কৰে। সভাত অপূৰ্বজ্যোতি হাজৰিকা, দীনেশ পেগু, পোলেন সৰকাৰ, কেশৱ শইকীয়া, টুটুমণি বৰুৱা, আদিত্য বৰুৱা, লক্ষী শইকীয়া, মমী বৰা, মণি হাজৰিকা, মণি বৰা, জিতেন নেওগ, অণিমা শইকীয়া, ৰিণ্টু হাজৰিকা ভূঞা, দৰ্শণা শইকীয়া, কাকলি বৰা প্ৰমুখ্যে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অদিতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগ বঢ়ায় দেৱাৰ্শীষ শইকীয়াই।