মাজুলীত কংগ্রেছৰ আনন্দ উল্লাহ

মাজুলীত কংগ্রেছৰ আনন্দ উল্লাহ ; মাজুলীৰ বিজেপিৰ দুৰ্গত কংগ্ৰেছৰ পক্ষত বিপুল ভোট ; মাজুলী সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে লাভ কৰে ৫৯২৭৬ বিপৰীতে গৌৰৱ গগৈয়ে লাভ কৰে ৫২৬৯০ টা ভোটঃ

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৮ নং মাজুলী (এছ টি) বিধানসভা সমষ্টিত ডেৰ মহীয়া উৎকণ্ঠাৰ অন্ত পেলাই দেশৰ অন্যান প্ৰান্তৰ লগতে আজি পুৱাৰ পৰা আৰম্ভ হয় ভোট গণনা। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত নিৰ্বাচনী বিধি অনুসৰি আৰম্ভ হোৱা ভোট গগনা ১৪ টা ৰাউণ্ডত সমাপ্ত হয়।ভোট গগনাৰ প্ৰাপ্ত তথ্য অনুসৰি ১১৪০৩২ টা ভোটৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ভোট লাভ কৰে ৫৯২৭৬ ভোট। বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে লাভ কৰে ৫২৬৯০ টা ভোট।একেদৰেই একাম সনাতন ভাৰত দলৰ প্ৰাৰ্থী অৰুণ চন্দ্ৰ সন্দিকৈয়ে লাভ কৰে ৬৮২ টা ভোট, নিদলীয়া প্ৰাৰ্থী ৰাজকুমাৰ দুৱৰাই লাভ কৰে ৪৯০ টা আৰু ন’টাত ভোট পৰে ৮৯৪ টা ভোট । সমষ্টিটোৰ পৰা বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈতকৈ ৬৫৮৬ ভোটৰ ব্যৱধানত আগবাঢ়ে। মাজুলীত ভাৰতীয় জনতা পাৰ্টি দুৰ্গ হিচাপে পৰিচিত হোৱা সত্বেও কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈতকৈ সামান্য সংখ্যক ভোটৰ ব্যৱধানতহে অগ্ৰগতি লাভ কৰে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে। উল্লেখযোগ্য যে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰমুখ্যে বিজেপি দলৰ ৰথী মহাৰথীৰ লগতে মিত্ৰদল সমূহে মাজুলীত বাহৰ পাতি বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ নিৰ্বাচনী যুঁজত অৱৰ্তীন হৈছিল আৰু বিভিন্ন ধৰণৰ আঁচনীয়ে নিৰ্বাচনী সভা সমূহত ৰাইজক চৰকাৰৰ সপক্ষে ভোট প্ৰদান কৰি নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচন কৰাৰ ক্ষেত্ৰত সহায় হোৱাকৈ ভোট প্ৰদান কৰিবলৈ আহ্বান জনাইছিল। তাৰ বিপৰীতে গৌৰৱ গগৈয়ে মাজুলীত এক প্ৰকাৰ অকলেই নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হৈ অতি বিনম্ৰ ভাবে ৰাইজৰ পৰা ভোট ভিক্ষা কৰিছিল। আজি ভোট গনণাৰ ফলাফলত দেখা পোৱা অনুসৰি সমষ্টিবাসীয়ে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈক বিপুল ভোটত সঁহাৰি দিলে। পূৰ্বৰ অভিলেখ অনুসৰি কংগ্রেছৰ ভোট লাভৰ পৰিমাণ দুগুণ বৃদ্ধি হোৱা আৰু যোৰহাট সমিষ্টিত গৌৰৱ গগৈ জয়ী হোৱা আনন্দত উৎফুল্লিত হৈ মাজুলীত কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে গড়মূৰ সদৰত আতচবাদী ফুটাই, ফাকুৰ ৰঙৰে ৰঙীন হৈ হাতত দলীয় পতকা লৈ গৌৰৱ গগৈ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ ধ্বনিয়ে গড়মূৰৰ আকাশ মুখৰিত কৰি ৰাজীৱ ভৱনলৈ খোজ কাঢ়ি গৈ আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়।