মাজুলীত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত ড০ ভূপেন  হাজৰিকাৰ জন্ম শতবাৰ্ষিকী শুভাৰম্ভ

মাজুলীত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত ড০ ভূপেন  হাজৰিকাৰ জন্ম শতবাৰ্ষিকী শুভাৰম্ভ

বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ মাজুলী জিলা সমিতিৰ উদ্যোগত  আজি  সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আজি মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত  বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ আৰম্ভণি অনুষ্ঠানত কেইবা শতাধিক আবৃত্তিকাৰে ড০ অমৰজ্যোতি চৌধুৰীৰ জনপ্ৰিয় কবিতা ” মৃত্যু জিনাৰ গান” আবৃত্তি কৰে।  অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ মাজুলী জিলা সমিতিৰ সম্পাদক যতীন্দ্ৰ নাথ মূদৈয়ে উক্ত কাৰ্যসূচী পৰিচালনা কৰে । পুৱা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ পতাকা উত্তোলন কৰে মাজুলী জিলা সমিতিৰ উপদেষ্টা ড০ অৰূপ কুমাৰ বৰাই ।

তাৰপিছত ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত মাল্যাপৰ্ণ আৰু স্মৃতি তৰ্পণ কৰে  অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিক সম্পাদক ড০ মন্টু কুমাৰ বৰাই। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱ কুমাৰ গামে। দুপৰীয়া বাৰ বজাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত মাজুলীৰ আবৃত্তিকাৰসকলে ড০ অমৰজ্যোতি চৌধুৰীৰ বহু জনপ্ৰিয় কবিতা ” মৃত্যু জিনাৰ গান” আবৃত্তি কৰে । কবিতা আবৃত্তিৰ প্ৰশিক্ষক মৃণালিনী দেৱী, জ্যোৎস্না ভূঞা, পাৰুল বৰা মিলিৰ পৰিচালনাৰে মাজুলীৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উক্ত যুগজয়ী কবিতাটো আবৃত্তি কৰি  অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

তাৰপিছত ৰঙাচাহী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মুকলি সভা অনুষ্ঠিত হয় । সম্পাদক যতীন্দ্ৰ নাথ মূদৈয়ে আঁত ধৰা উক্ত , মুকলি সভাত সভাপতিত্ব কৰে  মাজুলী জিলা আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি দিগন্ত শইকীয়াই। সভাত মুখ্য অতিথিৰ তত্বগধুৰ ভাষন প্ৰদান কৰে ড০ মন্টু কুমাৰ বৰাই। ড০ বৰাই আবৃত্তিক এক মহান কলা বুলি উল্লেখ কৰি বিদ্যালয় মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত আবৃত্তিক অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ বিদিশা বূঢ়াগো‍ঁহাইয়ে । উক্ত , মুকলি সভাত বিশিষ্ট অতিথি হিচাপে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল কুমাৰ বৰুৱা, মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকা আৰু মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মণিকা মহন্ত, সাংবাদিক যদু কলিতাই অংশগ্ৰহণ কৰি ভাষন প্ৰদান কৰে। অনুষ্ঠানত শলাগ জ্ঞাপন কৰে  সম্পাদক যতীন্দ্ৰ নাথ মূদৈয়ে ।