মাজুলীত অন্ধবিশ্বাস আৰু কু – সংস্কাৰ বিষয়ক সজাগতা সভা সম্পন্ন

মাজুলীত অন্ধবিশ্বাস আৰু কু – সংস্কাৰ বিষয়ক সজাগতা সভা সম্পন্ন

বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ ৰতনপুৰ-গায়ন শংকৰদেৱ শিশু নিকেটনত  দিনযোৰা কাৰ্যসূচীৰে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সৌজন্যত সমগ্ৰ অসমতে অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ ওপৰত আৰম্ভ হোৱা সজাগতা সভাৰ অংশস্বৰূপে এখনি সজাগতা সভা অনুষ্ঠিত হয়। সৌমাৰ বিজ্ঞান পৰিবেশ সংঘ আৰু উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদোগত অনুষ্ঠিত হোৱা সভাখনিত সৌমাৰ বিজ্ঞান পৰিবেশ সংঘৰ তিনিচুকীয়া মাকুমৰ উপদেষ্টা জিতেন শৰ্মাৰ তত্ত্বগধুৰ ভাষণে ছাত্র-ছাত্রী , অভিভাৱক -অভিভাৱিকাৰ লগতে সভাখনিত উপস্থিত ৰাইজক আপ্লুত কৰে ।