মাজনিশা
আয়ুস্মান গগৈ,কটন বিশ্ৱবিদ্যালয়
দেখিছানে কেতিয়াবা মাজনিশাৰ জোনাক?
কিদৰে বলে বতাহ দোভাগ ৰাতি,
দিনৰ পোহৰত হালিবলৈ লাজ কৰা
কুঁহিপাতবোৰেও যেন
ফিৰফিৰিয়া বতাহৰ
ৰাগীত মতলীয়া হৈ নাচে…
চাবাচোন আকাশলৈ–
জোনৰ সাধু শুনিবলৈ
কিদৰে তৰাবোৰ কাষ চাপি আহে।
আৰু জোনাকীবোৰে নো
ক’ৰ পৰা পাই ইমান পোহৰ!
বেলিৰ পৰা ধাৰ কৰি
জোনেই আনি দিয়ে নেকি বাৰু সিহঁতক?
মন দি শুনিবাচোন…
মাজনিশাৰ নিৰ্জনতাত
ফেঁচাৰ উৰুলিও যে
কিমান মধুৰ।
কেঁচু- কুমতিৰ মাতেও তোলে
এক অমিয়া সুৰ।
পথাৰৰ মাজত দুই- এক
গংগা- চিলনীৰ মাতে
দিব তোমাক অজানা অনুভূতি।
আজিকালি পিছে শিয়ালৰ ‘হোৱা’
শুনিবলৈ নোপোৱা,
তাৰ পৰিৱৰ্তে শুনিবা
মানুহৰ ঘৰে- ঘৰে
বিলাতি কুকুৰৰ ভুক্- ভুকনি।
ৰাস্তাৰে দুখোজমান গ’লে তুমি
লগ পাব পাৰা ৰাস্তাত বহি
প্ৰেমিকাৰ স’তে বাৰ্তালাপ কৰি থকা
এজন যুৱকক।
দিনটোৰ ব্যস্ততা আৰু
কঠোৰ পৰিশ্ৰমৰ পাছত
এইকণেই সময় পাইছে সি –
ভাগৰ গুচাবলৈ,
কাৰোবাক মনৰ কথাবোৰ ক’বলৈ।
ফোন কলৰ সিপাৰৰ পৰা
প্ৰেয়সীয়ে যেন তাক শক্তি দিছে–
কাইলৈ আহিবলগীয়া
ব্যস্ত দিনটোৰ বাবে।
চলি থাকিবলৈ দিবা সিহঁতৰ
হৃদয়ৰ বাৰ্তালাপ
তুমি তাত নৰ’বা।
আৰু অলপ দূৰ গৈয়েই পাবা
কেকুৰিৰ সেই জয়াল
বটগছজোপা।
চাবাচোন,
জোনৰ পোহৰত
কিদৰে জিলিকি উঠিব পাতবোৰ–
যেন কোনো পাকৈত শিল্পীৰ
ৰং আৰু তুলিকাৰ অপূর্ব সৃষ্টি।
মাজনিশা প্ৰকৃতিয়ে লয়
এক মোহনীয় ৰূপ।
দিনৰ পোহৰত নেদেখাবোৰ
প্ৰকৃতিয়ে ৰাতিৰ এন্ধাৰত দেখুৱায়।
মাজনিশাৰ পৰিৱেশ ভয়াল নহয়,
ইয়াৰো আছে এক
সুকীয়া মাদকতা…
মাথোঁ, চাব জনাৰ ওপৰত কথা।