মাজত মাথোঁ এদিন, কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

মাজত মাথোঁ এদিন, কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

ৰঙিলী বাৰ্ত্তাসেৱা– অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ ঐতিহাসিক ক্ষণলৈ মাজত মাথোঁ এদিন। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ দেশজুৰি উৎসৱমুখৰ পৰিৱেশ। উখল-মাখল ৰামনগৰী অযোধ্যা। দেশজুৰি এতিয়া গুঞ্জৰিত হৈছে ভগৱান শ্ৰীৰামৰ বন্দনা। ইতিমধ্যে সজাই-পৰাই তোলা হৈছে ৰাম নগৰী। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তই আহি ভিৰ কৰিছে ৰাম নগৰী। উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম জনমভূমিত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠাৰ পূৰ্বে ফুলেৰে আটক ধুনীয়াকৈ সজাই তোলা হৈছে। ফুলৰ সমান্তৰালকৈ বিশেষ লাইটেৰে সমগ্র মন্দিৰ উজলাই তোলাৰ সমান্তৰালকৈ চৌহদত ৰং-বিৰঙী ফুলৰ সমাহাৰ। ইতিপূর্বে মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা বালক ৰামৰ ৯১ ইঞ্চিৰ মূর্তিটো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। এই গর্ভগৃহত পৰম্পৰাগত বন্তি জ্বলোৱা হ’ব।দেশবাসীৰ বাবে ঐতিহাসিক ক্ষণ ২২ জানুৱাৰীৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে চলিত ধর্মীয় কাৰ্যসূচীৰ পঞ্চম দিনা পুৰোহিতসকলে বিভিন্ন পূজা-অর্চনা আগবঢ়ায়। নিশ্ছিদ্র নিৰাপত্তা বেষ্টনীৰ মাজত প্রাণ প্রতিষ্ঠা উৎসৱ উদযাপনক লৈ স্থানীয় বাসিন্দাৰ সমান্তৰালকৈ সমগ্ৰ দেশৰ লগতে বিদেশৰ ৰামভক্তও উৎসাহিত হৈ আছে। বিভিন্ন দেশৰ ৰামভক্ত অযোধ্যা নগৰীত উপস্থিত হৈছে। সমগ্র অযোধ্যা চহৰত এতিয়া ধর্মীয় আবেগ। প্ৰতিগৰাকী লোকেই ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠাক লৈ অধিক উৎসাহেৰে অপেক্ষা কৰি আছে। তীর্থক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে প্ৰকাশ কৰা মতে, ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা উৎসৱ দিনৰ ১২.২০ বজাৰ পৰা আৰম্ভ হৈ ১ বজাত সামৰণি পৰিব। মূল কার্যসূচীত উপস্থিত থকা ৭,০০০তকৈ অধিক বিশিষ্ট ব্যক্তিক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিব।  ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি অসমবাসীক জনায় যে, কাইলৈ সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বন্ধ থাকিব। চৰকাৰী কাৰ্যালয়সমূহ দিনৰ দুই বজালৈ বন্ধ থাকিব। ব্যৱসায়ীসকলকো পাৰিলে আগবেলা সেই সময়ছোৱা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি কৰ্মচাৰীসকলক ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান চোৱাৰ সুযোগ দিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। লগতে মুখ্যমন্ত্ৰীয়ে সকলোকে নিজৰ নিজৰ ঘৰৰ সন্মুখত এগচি বন্তি বা আন ধৰণে আলোকিত কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।