মাছ খাইছে নে?
সত্যজিৎ গগৈ, ডিব্ৰুগড়
নগাওঁ মহাবিদ্যালয়ত চালানী মাছত সৰ্বাধিক পৰিমানৰ ফ’ৰমেলিন থকাৰ কথা পোহৰলৈ অহাৰ লগে লগে বজাৰত লোকেল মাছৰ দাম বৃদ্বিয়ে আকাশ চুলগৈ।এতিয়া সাধাৰণ ৰাইজে মাছ কিনি খোৱাটো দূৰৰে কথা কাষ চাপিবলৈও সাহস নহ’ব।পিচে চালানী মাছৰ আমদানি বন্ধ কৰা মানে কি বুজাইছে?নিশ্চয় লোকেল মাছৰ নামত দাম বৃদ্ধি হোৱাৰ পিচত যেতিয়া পুনৰ চালানী মাছ অসমলৈ আহিব।তেতিয়া মাছৰ দাম বাঢ়িয়েই থাকিব।পুনৰ জনতাই অধিক দামত মাছ কিনি খাব লাগিব।তদুপৰি চালানী মাছ বন্ধ হোৱাৰ লগে লগে লোকেল মাছ বুলি যিবোৰ আমি কিনি খাইছোঁ।সেইবোৰতো যে বিষাক্ত দ্ৰব্য নাই কি ঠিক!অসমত মাছৰ খেতি কৰা লোকসকলে সোনকালে ডাঙৰ হ’বলৈ দানাৰ সলনি যথেষ্ট পৰিমানৰ ইউৰিয়া দিয়া দেখা যায়।এতিয়া কথাটো হ’ল যে সেই ইউৰিয়া লোকেল বুলি কোৱা অসমৰ মাছৰ দেহত কিমান পৰিমানৰ অৱস্থিতি আছে?সেইয়াও পৰীক্ষা কৰা উচিত।নহ’লে লোকেল মাছ বুলি জনতাক পুনৰ বৰবিহ খোৱাই থকাৰ দৰেই নহ’বনে?ইয়াৰোপৰি এতিয়া বসন্তকাল অহাৰ লগে লগে মাছবোৰে প্ৰজ্বননৰ বাবে বৈ থকা পানী বিচাৰি দ ঠাইৰ পানীৰ পৰা বাম ঠাইৰ পানীলৈ ওলাই আহে।সেই সময়ত মাছবোৰ দুৰ্বল হৈ থাকে বাবে অতি সহজতে ধৰিব পৰা হয়।তাকে দেখি কিছু দুষ্ট চক্ৰই প্ৰজ্বননৰ বাবে অহা মাছবোৰক ধৰি আনে।ই অতি বেয়া কথা।প্ৰজ্বননৰ ক্ষেত্ৰত মাছৰ যি অৱস্থা হয়।সকলো জীৱৰে একেই অৱস্থা হয়।গতিকে এই কথাখিনিও আমি বুজিব লাগে।যদি আমি মাছৰ প্ৰজ্বনন হ’বলৈ নিদিওঁ।তেন্তে খুওব কম দিনৰ ভিতৰতেই অসমৰ খাল,বিল সমূহৰ পৰা থলুৱা মাছবোৰ নাইকিয়া হৈ যাব।গতিকে এই গোটেই কথাখিনি আমি ভালদৰে পৰীক্ষা কৰিহে মাছ খাব বা ধৰিব লাগে।অন্যথা তেনে মাছ খোৱাৰ পিচত এটা সময়ত আমাৰ শৰীৰৰ অপকাৰ কৰিব পাৰে।
