মাঘ বিহুৰ প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা – নমিতা দাস

মাঘ বিহুৰ প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা 

নমিতা দাস,শুৱালকুছি

অসমীয়া জনজীৱনৰ বাপতি সাহোন বিহু তিনিটাৰ ভিতৰত মাঘ বিহু হৈছে অন্যতম। কৃষক সকলৰ আশা আৰু প্ৰত্যেয়ৰ সপোনৰ শস্য চপোৱাৰ পিছত উপচি পৰা ভৰালৰ সোন গুটি খিনি সুৰক্ষিত স্থানত থৈ দিয়ে এই সময় চোৱাত । অভাব অনাতন কম হয় ভোগৰ সামগ্ৰিৰে উপচি পৰে সেয়ে এই বিহুক ভোগালী বিহু বুলিও অভিহিত কৰা হয় । কৃষক সমাজৰ আশা ভৰষা আৰু প্ৰত্যয়ৰ ভাতমুঠি যেতিয়া ঘৰলৈ আহে সীমাহিন আনন্দ বিৰাজ কৰে । আকালৰ ভাতমুঠিৰ অন্ত পেলাই ভৰাল উপচি বিভিন্ন ভোগৰ সামগ্ৰিৰে ভৰি পৰাত এই বিহুত ৰং ৰহৈচ কৰাতকৈ ভোগৰ সামগ্ৰিৰে বিহুটোক আদৰা হয়, সেয়ে ভোগালী নামে অভিহিত কৰা হয় । পুহ মাহৰ দোমাহী বা সংক্ৰান্তিৰ আগদিনা ৰাতি উৰুকা । সেইদিনা সকলো বয়সৰ লোক সকলে মিলি-জুলি এসাঁজ খোৱাৰ উদ্দেশ্যে মেজিঘৰৰ ওচৰত নতুবা পথাৰত বা ঘৰৰ সকলোৱে মিলি উৰুকাৰ ভাতসাজ খাই , সেই সময়ত ডেকা সকলে আনৰ ঘৰৰ পৰা খৰি, জেওৰা, জপনা চুৰি কৰি জুই পুৱাই । ঘৰৰ জীয়াৰি বোৱাৰী সকলে নিজৰ ঘৰত নতুবা এটা ঠাইত একগোট হৈ পিঠা লাৰুৰ লগতে বিভিন্ন সুস্বাদু খাদ্য সামগ্ৰি বনোৱাত ব্যস্ত হৈ পৰে।

মাঘৰ বিহুৰ প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা । মেজি শব্দটো উজনী অসমৰ সৃষ্টি এই শব্দটো বড়ো কছাৰী মূলিয়া প্ৰাচীন চুতিয়া ভাষাৰ মিডি- য়ে-জি শব্দৰ পৰা আহিছে । যি পৈতৃক আত্মাক জুইৰ সৈতে উৰুৱাই দিয়া বা প্ৰেৰণ কৰাৰ প্ৰতিক যাৰ অৰ্থ হৈছে প্ৰৈতিক আত্মাৰ উপাসনা । কিছুমান পণ্ডিতৰ মতে ইয়াৰ উৎপত্তি সংস্কৃত মেধ্য বা মেধ শব্দৰ পৰাও হৈছে যি যজ্ঞৰ বা পবিত্ৰতাৰ প্ৰতিক যাৰ দ্ধাৰা অগ্নি পুজা কৰা হয় । কিছুমানৰ মতে বড়ো ভাষাৰ মাজি শব্দৰ পৰা মেজি শব্দটোৰ উৎপত্তি হোৱা বুলি কয়। মুঠতে মেজি শব্দটো বিভিন্ন জনে বিভিন্ন মত পোষণ কৰা দেখা যায় ।

মেজি হৈছে মাঘ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা কাঠ বা খেৰৰ ওখ দম । কোনো কোনো অঞ্চলত বাঁহ বা খেৰৰ ওপৰিও কলগছৰ শুকান পাতেৰে অথবা নৰাৰে মেজি তৈয়াৰ কৰা হয় ।প্ৰথমে গোটা বাঁহ এদাল পুতি লৈ তাৰ চাৰিও ফালে খেৰ বা খৰিৰে দৌল আকৃতিৰে জঁকা তৈয়াৰ কৰি বিৰিণাৰে নতুবা নৰা বান্ধি মেজি সজা হয় । ৰাতি মেজি ঘৰ ৰখিবলৈ ওচৰতে ভেলাঘৰ বনাই ডেকা সকলে উৰুকাৰ ৰাতি ভেলাঘৰত ভোজ ভাত খাই দোকমোকালিতে ভেলাঘৰটো জ্বলাই দিয়ে ।

দোমাহিৰ দিনা দোকমোকালিতে গাওঁৰ মেজি ঘৰ জ্বলাবলৈ বয়োজেষ্ট সকলে গা-পা ধুই নতুন কাপোৰ চুৰিয়া চোলা ৰে নাম প্ৰসংগ কৰি ভেলা ঘৰত জুই লগাই প্ৰত্যেকঘৰ গৃহস্থই সেই জুইত ঘৰৰ অপায় অমঙ্গল নাস হোৱাৰ লগতে সুখ শান্তি বিৰাজ কৰাৰ কামনা কৰে। এই মেজিৰ জুয়ে সমাজৰো অসূয়া অমঙ্গল আতৰাই যোৱাৰ বাবে অগ্নি দেৱতাক পুজা কৰে । প্ৰতিঘৰ লোকে বিহুলৈ বুলি বনোৱা নানান ধৰণৰ পিঠা লাৰু মাহকৰাই অগ্নীত সমৰ্পিত কৰাৰ লোকবিশ্বাস আছে । মাঘ বিহুৰ লোকবিশ্বাস সমুহ পৰম্পৰা ভাবে চলি আহিছে ।
মেজিত সমৰ্পিত কৰা মাহকৰাই আৰু মেজি জ্বলোৱা ছাঁই লৈ আনি আম, কঠাল , নাৰিকল, কল আদি গুটি থকা গছ বোৰত ছতিয়াই দিয়া হয় যাতে ফুলে-ফলে ভৰি পৰে। ভৰালৰ ধান খিনি সুৰক্ষিত আৰু সমৃদ্ধিৰ কথা ভাবি ভৰাল ঘৰতো চতিয়াই দিয়াৰ ওপৰিও মেজিৰ আধা পোৰা খৰি আনি ঘৰৰ চাৰিও ফালৰ সিমাতে পোতা হয় । মাঘমাহত আলুপোৰা খোৱাতো এক পৰম্পৰা, উল্লেখনীয় যে ৰাতি মেজি ৰখি থকা ডেকা সকলে চুৰ কৰি অনা খৰিৰে পুৱালৈ জুই পুৱালেহে সোনকালে ঠাণ্ডা কমে বুলি বিশ্বাস কৰা হয় ।সেই দিনাই দিনটো লঘোনে থাকি ৰাতি তিতা ,টেঙা,কেহা মিঠা সাতখন ব্যঞ্জন বনাই খোৱাৰ পৰম্পৰা আছে। সেই ব্যজ্ঞন বোৰ সৰহকৈ বনাই থৈ ৰাতিপুৱা সকলোৱে মিলি খোৱা হয় সেইবোৰ মাঘি পৈইতা বুলি কয়। ৰাতি বনাই থোৱা মাঘী পইতাৰ ভাত, দাইল,সকলো ব্যজ্ঞন খাবলৈ সম্পৰ্কীয় সকলক নিমন্ত্ৰণ কৰাৰো পৰম্পৰা আছে।

তাৰ পিছৰ দিনা মাঘ মাহৰ এক তাৰিখৰ দিনা ধলপুৱাতে উঠি গৃহস্থই বা ঘৰৰ কোনো সদস্যই গছ বোৰৰ গাত চূণৰ ফোট দি খেৰ বা টঙালেৰে গছত বান্ধি “জাগ জাগ” দিয়া হয় এই “জাগ” দিওঁতে বিভিন্ন ঠাইত ভিন্ন ভিন্ন ধৰনেৰে গান গাই —

“জাগ ঐ জাগ গছে পাতে লাগ,
আনৰ ফালে ধনা কুজা, আমাৰ ফালে হাটিৰ মুৰা
জাগ ঐ জাগ জাগ “

আকৌ ঠাই বিশেষে —–

“লাগ ঐ লাগ গছে পাতে লাগ
আনৰ ফালে ধনা কুজা আমাৰ ফালে হাটিৰ মুৰা”

বুলি গোৱা পৰম্পৰাগত ভাৱে চলি আহিছে।

মুঠতে শীতৰ আমেজ লৈ শীতকালিৰ শাক-পাচলিৰে ভৰপুৰ হৈ পৰে মাঘ মাহ সেই সময়ত প্ৰকৃতিয়েও বৰণ সলাই খৰালীৰ চিনা -অচিনা চৰাই চিৰিকতিৰে ভৰি পৰে । মুঠতে প্ৰকৃতিয়েও শীতৰ এক অনন্যা আমেজ দিয়ে।