মাঘৰ মেজি – ছেলিমা বেগম

Pc The Unexplored

মাঘৰ মেজি

ছেলিমা বেগম, নগাঁও 

মাঘৰ বিহু আহিল ঐ মেজিৰ জুই জ্বলিল,
অসমীয়াৰ গাত তত নাইকিয়া
গাৱঁৰ জীয়ৰী বোৱাৰী সাজু হৈছে
পিঠা গুৰি লৈ মৰমৰ ভোগালী
বিহুটিক আদৰিবলৈ ,ককা আইতা
সাজু মেজিৰ জুইৰ তাপ লবলৈ।
গাঁৱৰ ডেকা গাভৰুৱে সাজু হৈছে
কলগছৰ শুকান পাত পথাৰৰ নৰা
আনি মেজি জ্বলোৱাৰ ব্যস্ততাত
ভেলা ঘৰ সাজি উলিয়াব নৰাৰে
আটক ধুনীয়াকৈ সজাই ৰাতি কটাব
উৰুকা নিশা আত্মহাৰা হৈ।
লগে ভাগে খাব উৰুকাৰ নিশা
বাটি ভৰাই চিৰা খাব আৰু খাব
বাঁহৰ চুঙাৰ দৈ লগত লব গুৰ
ভোগালীৰ উৰুকাৰ ভোঁজ-ভাত
একে লগে খাব মিলি -জুলি
মেজিৰ জুই জ্বলাই শীতৰ নিশা।
কাকা আইতাহঁতে তামোল পাণ লৈ
নাম -প্রসঙ্গ কৰিব বছৰটোৰ
মঙ্গল কামনা কৰি সকলোৱে
মাঘৰ মেজিৰ জুইৰ তাপ লৈ
ৰোগ মুক্ত কৰিব শৰীৰৰ পৰা
এয়াই আমাৰ অসমীয়াৰ ভোগালী।