মাঘৰ বিহু আৰু লোকবিশ্বাস
বন্দিতা শৰ্মা কন্দলি
পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় মাঘ বিহু বা ভোগালী বিহু। লোক বিশ্বাস আছে যে পিতামহ ভীষ্মই এই পৱিত্ৰ দিনতেই ইচ্ছামৃত্যু বৰণ কৰিছিল। আকৌ পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা সূৰ্য ধনু ৰাশিৰ পৰা মকৰ ৰাশিত প্ৰৱেশ কৰে বাবে এই সংক্ৰান্তিক মকৰ সংক্ৰান্তি বুলি জনা যায়।
মাঘ বিহুৰ বিশেষ গুৰুত্বপূৰ্ণ দিশ হৈছে উৰুকাৰ নিশা ভোজভাত আৰু পিছদিনা কাহিলীপুৱাতে মেজি জ্বলাৱা।মেজি পতা আৰু জ্বলোৱা নিয়ম ঠাই ভেদে কিছু বেলেগ। এই সময়তে অৰ্থাৎ আঘোণ- পুহ মাহতে কৃষিজীৱি লোকে ধান চপাই ভঁৰাল নতুন ধানেৰে পুৰ কৰে।বাৰীত শাক-পাচলি উভয়নদী হয়। বিভিন্ন ধৰণৰ আলু যেনে ৰঙা আলু,কাঠ আলু,মোৱা আলু খেতিয়কে খান্দি উলিয়ায়। নতুন চাউল,ঔটেঙা দিয়া নতুন মাটি মাহৰ দাইল, ঘৰে ঘৰে পুহি ৰখা হাঁহ-কুকুৰা,ছাগলী মাংসৰে সকলোৱে মিলি খোৱা হয় এই ভোজ-ভাত। সেয়ে এই বিহুক ভোগালী বিহু বুলিও কোৱা হয়। আজিৰ পৰা কিছু বছৰ পূৰ্বে ভোজ-ভাত খাবৰ বাবে পথাৰতে নৰাৰে ভেলাঘৰ সাজি লৈছিল। ভেলাঘৰৰ লগতে খৰি গোটাই ডাঙৰ মেজি,সৰু মেজি দুটাকৈ মেজি সাজিছিল।ৰাতিটো ভেলাঘৰতে জুই পুৱাই থকা সকলে গাঁৱৰ মানুহৰ বাৰীৰ পৰা শাক-পাচলি,জেওৰা জপনা , হাঁহ – কুকুৰা চুৰ কৰি আনি খাইছিল। সেইদিনা চুৰ কৰিলে গৃহস্থই খং কৰা বা গালি পৰা নাছিল। এই কাৰ্য ধেমেলীৰ পৰম্পৰা বুলি ধৰা হৈছিল। পিছদিনা অৰ্থাৎ দোমাহীৰ দিনা পোহৰ হোৱাৰ আগতেই কোনোৱা এজনে পুখুৰীত বুৰ মাৰি আহি শুকান বাঁহখৰিৰ জোঁৰ লৈ ডাঙৰ মেজি জ্বলায়। মেজিৰ ওচৰত থকা সকলে জয় ৰাম বোলা জয় হৰি বোলা বুলি কৈ হৰিধ্বনি দিয়ে। সকলোৱে গা ধুই আহি তামোল- পাণ, মাহ-প্ৰসাদ,পিঠা-পনা আদি মেজিলৈ আগবঢ়াই অগ্নি সেৱা কৰে।মেজিৰ জুইৰ তাপতে পিঠা -পনাৰে সকলোৱে চাহ খায়। জেষ্ঠ্য জনক সেৱা জনাই আৰ্শীবাদ লয়।লগতে মাহ-গোটকৰাই ( বৰা চাউল আৰু গোটা মাটিমাহ একেলগে ভজা) আৰু পুৰি থোৱা ৰঙা আলু, কাঠ আলু, মোৱা আলু খোৱাৰ পৰম্পৰা আছে।
মেজিৰ জুইয়ে পুহৰ ঠেটুৱে ধৰা জাৰ নাইকীয়া কৰে।কোনো কোনোৱে লাগনি গছ ( ফল ধৰা গছ) খেৰেৰে বান্ধে। অতীজৰে পৰা পালি অহা এই পৰম্পৰাক ‘মাঘ বন্ধা’ বুলিও কোৱা হয়।মাঘ বান্ধিলে বতাহ-ধুমুহাই গছৰ অনিষ্ট সাধন কৰিব নোৱাৰে বুলি লোকবিশ্বাস আছে। বিশ্বাস আৰু পৰম্পৰাৰ মাজেৰে ভোগালী বিহুটিয়ে কৃষিজীৱি লোকক দিয়ে কঠোৰ পৰিশ্ৰমৰ সুখানুভূতি। বৰ্তমান সময়ত আগৰ মাদকতা নাই যদিও ভোগালীত সকলোৱে মিলি এসাঁজ খাই মনতো জীপাল কৰি ৰাখিবই লাগিব নহয় নে বাৰু! মইনাহঁতলৈ ভোগালী বিহুৰ ঢেৰ মৰম যাচিলোঁ দেই!
